ETV Bharat / state

গৰু আনিবলৈ গৈ ট্ৰাকৰ চেপাত নিহত এজন

author img

By

Published : Sep 30, 2020, 5:02 PM IST

গৰু আনিবলৈ গৈ ট্ৰাকৰ খুন্দাত মৃত্যু এজন ব্যক্তিৰ ।

গৰু আনিবলৈ গৈ ট্ৰাকৰ চেপাত নিহত এজন
গৰু আনিবলৈ গৈ ট্ৰাকৰ চেপাত নিহত এজন

কৰিমগঞ্জ, 30 ছেপ্টেম্বৰ : অসম ত্ৰিপুৰা সীমান্তৱৰ্তী কদমতলা ৰাষ্ট্ৰীয় ঘাইপথৰ বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দিনৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হয় ৷ দিনৰ প্ৰায় 11 বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত ট্ৰাকৰ খুন্দাত নিহত হয় সুমন্ত দাস নামৰ এজন ব্যক্তি ।

গৰু আনিবলৈ গৈ ট্ৰাকৰ চেপাত নিহত এজন

কদমতলা অগ্নিপাছা গাঁৱৰ বাসিন্দা তথা সমাজৰ বিশিষ্ট ব্যক্তি আছিল নিহত সুমন্ত দাস ৷ ঘৰৰ পৰা গৰু আনিবলৈ যোৱা সময়তে TR-01C-1809 নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে ব্যক্তিজনক। ফলত থিতাতে নিহত হয় ব্যক্তিজন । ব্যক্তিজনৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ অঞ্চলজুৰি ৷ ঘটনাস্থলীত কদমতলা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধর্মনগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : বানৰ প্ৰৱল সোঁতত উটি গ’ল বাইকসহ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.