ETV Bharat / state

কৰিমগঞ্জত দুই পক্ষৰ সংঘাতত নিহত এজন

author img

By

Published : Jul 12, 2020, 8:54 PM IST

কৰ'ণা সন্ত্ৰাসৰ মাজতে দেওবাৰে কৰিমগঞ্জ জিলাত দুই পক্ষৰ সংঘাতত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰপাৰা এলেকাত দুই ফৈদৰ সংঘাতৰ ফলত মৃত্যু হয় হাৰিছ আলি নামৰ লোকজনৰ ৷ ৰে'ল বিভাগৰ অধীনত থকা থকা এটা পুখুৰী ৰঞ্জু ওয়াৰিছ আৰু হাৰিছ আলি নামৰ ব্যক্তিদুজনে দখলৰ চেষ্টা চলাই আছিল বহু বছৰৰ পৰাই । দেওবাৰে ৰঞ্জ আৰু ওয়াৰিছে উক্ত পুখুৰীটোত মাছ মাৰিবলৈ গৈছিল কিন্তু হাৰিছ নামৰ ব্যক্তিজনে মাছমৰা কাৰ্যক বাধা দিয়াৰ বাবে উক্ত সংঘাতৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে ৷

One dead in a conflict between two groups
কৰিমগঞ্জত দুই পক্ষৰ সংঘাতত নিহত এজন

কৰিমগঞ্জ, 12 জুলাই : কৰ'ণা সন্ত্ৰাসৰ মাজতে দেওবাৰে কৰিমগঞ্জ জিলাত দুই পক্ষৰ সংঘাতত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰপাৰা এলেকাত দুই ফৈদৰ সংঘাতৰ ফলত মৃত্যু হয় হাৰিছ আলি নামৰ লোকজনৰ ৷

কৰিমগঞ্জত দুই পক্ষৰ সংঘাতত নিহত এজন

ঘটনাৰ বিৱৰণ অনুসৰি, দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই ঘটনা ৷ ৰে'ল বিভাগৰ মাটিত মাছ মৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল সংঘাতৰ ৷ অভিযোগ অনুসৰি, ৰে'ল বিভাগৰ অধীনত থকা এটা পুখুৰী ৰঞ্জু ওয়াৰিছ আৰু হাৰিছ আলি নামৰ ব্যক্তিদুজনে দখলৰ চেষ্টা চলাই আছিল বহু বছৰৰ পৰাই । দেওবাৰে ৰঞ্জ ওয়াৰিছে উক্ত পুখুৰীটোত মাছ মাৰিবলৈ গৈছিল কিন্তু হাৰিছ নামৰ ব্যক্তিজনে মাছমৰা কাৰ্যক বাধা দিয়াৰ বাবে উক্ত সংঘাতৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে ৷ আনকি এই মাটিৰ মালিকানাক লৈ পূৰ্বেও দুই পক্ষৰ মাজত বহুবাৰ কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি স্থানীয় লোকে অভিযোগ উখাপন কৰিছে ৷

কৰিমগঞ্জত দুই পক্ষৰ সংঘাতত নিহত এজন

পৰৱৰ্তী সময়ত দুয়োপক্ষৰ সংঘাতত হাৰিছ আলি নামৰ লোকজন গুৰুতৰভাবে আহত হয় আৰু তেঁওক ততালিকে নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়তে তেঁওৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে, নিলামবজাৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : ২৪ ঘণ্টাত গুৱাহাটীত কৰ'ণাত আক্ৰান্ত হৈছে ৪১০ গৰাকী ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.