কৰিমগঞ্জ, 1 জুনঃ কৰিমগঞ্জৰ পুতনি চাহ বাগিছাত ৰাইজে আটক কৰে দুজন স্থানীয়ৰ লগতে দুজন বাংলাদেশী অভিযুক্ত গৰু চোৰ ৷ ইয়াৰে এজন বাংলাদেশী অভিযুক্তৰ গণ প্ৰহাৰত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আটকাধীন লোক কেইজন পুতনি চাহ বাগিছাৰ প্ৰদীপ তান্তি,উমাশংকৰ কৈৱৰ্ত আৰু বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ ছিলুৱা চাহ বাগিছাৰ মলোন মুণ্ডা বুলি জানিব পৰা গৈছে ৷ আনহাতে গণ প্ৰহাৰত মৃত্যু হোৱা অভিযুক্তজন বাংলাদেশৰ মৌলবী বজাৰৰ সোণা-ৰূপাৰ ৰুবেল মিঞা ৷
পুতনি চাহ বাগিছাত সোমবাৰে পুৱাৰ ভাগত এজন অজ্ঞাত লোক ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত,সেই লোকজনক আটক কৰি জেৰা কৰোতে ওলাই পৰে সকলো তথ্য। লোকজনে প্ৰকাশ কৰা অনুসৰি,তেওঁৰ লগত আন এজন লোকে গৰু চোৰ কৰাৰ উদ্দেশ্যৰে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। এই কামত তেওঁলোকক স্থানীয় একাংশ লোকে সহযোগ কৰে বুলিও উল্লেখ কৰে আটকাধীন লোকজনে ৷ বাংলাদেশৰ লোকৰ মুখত চাঞ্চল্যকৰ বক্তব্য শুনি স্থানীয় লোকে অভিযান চলাই পুতনি চাহ বাগিছাৰ দুজন স্থানীয় লোকৰ লগতে,আন এজন বাংলাদেশী লোকক আটক কৰাৰ পিচতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু গণ প্ৰহাৰত এজন লোকৰ মৃত্যু হয় ৷ ঘটনা সন্দৰ্ভত স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে পাথাৰকান্দি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে, আটকাধীন অভিযুক্ত কেইজনক চমজাই দিয়ে আৰক্ষীৰ হাতত ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কৰিমগঞ্জৰ আৰক্ষীয়ে ৷