ETV Bharat / state

গাঁৱৰ প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিব উত্তৰ কৰিমগঞ্জবাসীয়ে - কৰিমগঞ্জ

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এই গাঁওসমূহত নাই বিদ্যুত,ইন্টাৰনেট সেৱা,তথা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা।

ON DEMAND FOR 2021 ELECTION OF CANDIDATES FROM VILLAGERS OF KARIMGANJ
গাঁৱৰ প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিব উত্তৰ কৰিমগঞ্জবাসীয়ে
author img

By

Published : Nov 10, 2020, 12:52 PM IST

কৰিমগঞ্জ, 10 নৱেম্বৰ: উত্তৰ কৰিমগঞ্জৰ পানিঘাটত ২০২১ৰ বিধানসভা নির্বাচনৰ ৰণডংকা বজালে ৰাইজে । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ জনতাক এইবাৰ চহৰৰ প্ৰাৰ্থী তথা বিধায়ক নালাগে । গাঁৱৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত কৰিব প্ৰতিদ্বন্দিতা । নাগৰিক সভা পাতি এই সিদ্ধান্ত লয় অঞ্চলটোৰ ৰাইজে ।

গাঁৱৰ প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিব উত্তৰ কৰিমগঞ্জবাসীয়ে

ৰাইজৰ দাবী,বিগত বহু বছৰ ধৰি বিজেপি,কংগ্রেছ,অসম গণ পৰিষদসহ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সমষ্টিটোত নিৰ্বাচিত হৈ আহিছে । কিন্তু সকলো বিধায়কে কেৱল প্ৰতিশ্ৰুতি হে দিয়ে । কিন্তু সমষ্টিটোৰ সীমান্ত এলেকাৰ গাঁৱত আজিলৈকে হোৱা নাই কোন উন্নয়ন । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এই গাঁওসমূহত নাই বিদ্যুত,ইন্টাৰনেট সেৱা,তথা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা । যাৰ বাবে গাঁৱৰ ৰাইজে সোমবাৰে নিশা এখন নাগৰিক সভা পাতি গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

উক্ত সভাখনত বিশিষ্ট সমাজসেৱক ছাব্বিৰ আহমেদে কয় যে,ইমান দিন ধৰি আমি চহৰৰ লোকক বিধায়ক নিৰ্বাচিত কৰি দিছপুৰলৈ পঠাইছিলো ৷ কিন্তু তেওঁলোকে আমাৰ গাঁৱৰ কোনো উন্নতি কৰা নাই। আজিও আমি এশ এবুৰি সমস্যাৰ মাজত আছো । কোনো এটা দলৰ বিধায়কে গাঁৱৰ উন্নতি সাধন কৰাৰ বাবে সঠিক ৰূপত আগবাঢ়ি অহা নাই। সেয়েহে এইবাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অধীনৰ এখন গাঁৱৰ পৰা প্ৰাৰ্থী নিৰ্বাচিত কৰিব লাগিব। তেনেহ'লেহে উন্নতি সম্ভৱ হ’ব অঞ্চলটোৰ ।

লগতে পঢ়ক: শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত অবৈধ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.