ETV Bharat / state

কন্টেইনমেন্ট জ'নত নাই কোনো বাধা-বাধকতা, প্ৰশাসনৰ নিৰ্লিপ্ততা

author img

By

Published : Aug 5, 2020, 4:45 AM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো ভ্ৰমণ বৃত্তান্ত নথকা কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । মঙলবাৰে জিলাখনত নতুনকৈ 55 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ।

কন্টেইনমেন্ট জ'নত নাই কোনো বাধা-বাধকতা
কন্টেইনমেন্ট জ'নত নাই কোনো বাধা-বাধকতা

কৰিমগঞ্জ, 5 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জ জিলাতো ভ্ৰমণ বৃত্তান্ত নথকা কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে । মঙলবাৰে জিলাখনত ধৰা পৰিছে 55 জন কোভিড পজিটিভ ৰোগী । ইপিনে পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পুনৰ 5 জন চিকিৎসক-নাৰ্চৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাত বন্ধ কৰি দিয়া হৈছে স্বাস্থ্য পৰিসেৱা ।

চিকিৎসালয়খনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 7জন । যাৰ ফলত চিকিৎসালয়খনৰ লগতে ইয়াৰ চাৰিওফালে 500মিটাৰ ব্যাসাৰ্ধ এলেকা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । চিকিৎসাকৰ্মী কৰ'ণা পজিটিভ হোৱাৰ বাবে এলেকাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে । বহুতে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিজাবৱীয়াকৈ বন্ধ কৰি দিছে । কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ হ'লেও প্ৰশাসনৰ নিৰ্লিপ্ততাত কন্টেইনমেন্ট জ'নত অবাধে চলাচল কৰি আছে যাত্ৰীবাহী গাড়ীৰ লগতে দোকান পোহৰ । যদি স্বাভাৱিক সকলো থাকে তেন্তে কিয় এই অঞ্চলসমূহ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে বুলি বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে ।

কন্টেইনমেন্ট জ'নত নাই কোনো বাধা-বাধকতা

লগতে পঢ়ক : ডিব্ৰুগড়ত মুকলি কৰা প্লাজমা বেংকত প্লাজমা দান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.