ETV Bharat / sports

কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়াম পৰিদৰ্শন বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাৰ - IND VS BAN 2ND TEST

author img

By ETV Bharat Sports Team

Published : 3 hours ago

BCCI vice president Rajeev Shukla: ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয় টেষ্ট মেচখন অনুষ্ঠিত হ’ব কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়ামত ৷ মেচৰ পূৰ্বে চলি থকা প্ৰস্তুতি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে কানপুৰত উপস্থিত হৈছে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লা ৷

IND VS BAN 2ND TEST
গ্ৰীণপাৰ্ক ষ্টেডিয়াম কানপুৰ (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 23 ছেপ্টেম্বৰ: কানপুৰৰ ঐতিহাসিক গ্ৰীণপাৰ্ক ষ্টেডিয়ামত 27 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট ৷ মেচখনক কেন্দ্ৰ কৰি ইতিমধ্যে চলোৱা হৈছে যাৱতীয় প্ৰস্তুতি ৷

এই প্ৰস্তুতি সন্দৰ্ভত সকলো কথা নিৰীক্ষণ কৰাৰ উদ্দেশ্যে শনিবাৰে আবেলি ষ্টেডিয়ামখনত উপস্থিত হয় বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লা ৷ স্থান নিৰ্বাচক ড৹ সঞ্জয় কাপুৰ আৰু অন্যান্য প্ৰশাসনিক বিষয়াৰ সৈতে বি চি চি আইৰ উপ-সভাপতিগৰাকীয়ে পৰিদৰ্শন কৰে সমগ্ৰ ষ্টেডিয়ামখন ।

ৰাজীৱ শুক্লাই সদৰী কৰা অনুসৰি, টেষ্ট মেচখনৰ বাবে ষ্টেডিয়ামত ইতিমধ্যে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । যি আধৰুৱা কাম কৰি থকা হৈছে, সেয়াও সোনকালেই সম্পূৰ্ণ হ'ব বুলি বিষয়াগৰাকীয়ে কয় । বৰষুণে যাতে খেলখনত ব্যাঘাত জন্মাব নোৱাৰে, তাৰ বাবে ষ্টেডিয়ামত মজুত ৰখা হৈছে চুপাৰ চাকাৰ মেচিন ৷ আনহাতে, কভাৰৰ সহায়ত পিটচখন ঢাকি ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

"কানপুৰৰ ঐতিহাসিক গ্ৰীণপাৰ্ক ষ্টেডিয়ামত সদায়ে এখন উৎকৃষ্ট ক্ৰিকেট মেচ উপভোগ কৰাতো এক আমোদজনক কাম হৈ আহিছে । গতিকে ক্ৰীড়া অনুৰাগীসকলে আকৌ এবাৰ এখন উৎকৃষ্ট টেষ্ট মেচ উপভোগ কৰিবলৈ সাজু হোৱা উচিত" বুলি বি চি চি আইৰ উপ-সভাপতিগৰাকীয়ে কয় ।

নেট অনুশীলনৰ বাবে সাজু পিটচ

বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কৈছিল যে, "ষ্টেডিয়ামত এনেধৰণে আগতীয়াকৈ পিটচ সাজু কৰি তোলা হৈছে, যাতে ভাৰত-বাংলাদেশৰ দলসমূহে নেট অনুশীলন কৰিব পাৰে । অৱশ্যে মেচখনৰ বাবে পিটচ বি চি চি আইৰ কিউৰেটৰে বাছনি কৰিব" ।

তেওঁক প্ৰশ্ন কৰা হৈছিল যে, চেন্নাইৰ দৰে ইয়াতো মেচৰ সময়ত উইকেটৰ ধুমুহা হ'ব পাৰে নেকি ? তেতিয়া তেওঁ উত্তৰ দিছিল যে, "এয়া নহ'ব । সকলো ঠাইতে পিটচখন বেলেগ বেলেগ । দৰ্শকে কানপুৰ টেষ্ট মেচৰ জৰিয়তে এখন উৎকৃষ্ট ক্ৰিকেট মেচ উপভোগ কৰিবলৈ সুযোগ পাব"।

লগতে পঢ়ক: শচীন তেণ্ডুলকাৰৰ বৃহৎ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই, বিশ্ব ক্ৰিকেটত ঐতিহাসিক কৃতিত্ব অৰ্জন - ROHIT SHARMA RECORD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.