ETV Bharat / entertainment

যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন চুটি ছবিৰ ঘোষণা - Chinmoy Barma short film khiriki

Chinmoy Barma movies: নাৰীৰ নান্দনিক সৌন্দৰ্যৰ বিষয়ক লৈ শীঘ্ৰেই আহি আছে চুটি ছবি ‘খিৰিকী’ । ছবিখনৰ পৰিচালনা যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ ।

film director chinmoy barma announces his upcoming short film titled khiriki
নতুন চুটি ছবি (Chinmoy Barma social media)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 12:58 PM IST

গুৱাহাটী, 23 ছেপ্টেম্বৰ : অসমৰ সাংস্কৃতিক দিশটো আগুৱাই নিয়াৰ বাবে ওলাই অহা পৰিচালকসকলৰ ভিতৰত এগৰাকী যুৱ পৰিচালক হৈছে চিন্ময় বাৰ্মা । ‘নৰকাসুৰ’, ‘যখিনী’, ‘অহল্যা’, ‘তেজৰ টুকুৰা’, ‘ঘোঁৰা পাক’ আদিকে ধৰি কেবাখন চুটি ছবি নিৰ্মাণ কৰি তেওঁ ইতিমধ্যে তেওঁৰ দক্ষতা আৰু ব্যতিক্ৰমী চিন্তাক ৰাইজৰ মাজত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ পৰিচালকগৰাকীয়ে ঘোষণা কৰিছে তেওঁৰ আহিবলগীয়া নতুন এখন চুটি ছবিৰ নাম । নাৰীৰ নান্দনিক সৌন্দৰ্যক সামৰি শীঘ্ৰেই আহি আছে চিন্ময় বাৰ্মা পৰিচালিত চুটি ছবি ‘খিৰিকী’ । আহিবলগীয়া এই চুটি ছবিখনৰ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত পৰিচালকগৰাকীয়ে জনাই বহু কথা ।

কি বিষয়বস্তুৰ আধাৰত খিৰিকীৰ কাহিনী আগবাঢ়িব ?

ছবিখনৰ বিষয়বস্তুৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, “বৰ্তমানলৈ মই যিমান কেইখন চুটি ছবি নিৰ্মাণ কৰিছো সকলোবোৰ মোৰ জীৱনৰ কাহিনীৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্মাণ কৰিছো । খিৰিকীৰ কাহিনী 'কৰণ' নামৰ মোৰ এগৰাকী বন্ধুৰ হয় । তেওঁৰ লগত লগ লাগি কাহিনীৰ কাম কৰা হৈছে । খিৰিকীখন আচলতে নাৰীৰ যি সৌন্দৰ্য থাকে আৰু সেই সৌন্দৰ্যটোক মানুহে কিদৰে চাই, কোনোবাই ঈৰ্ষাৰে চাব পাৰে বা কোনোবাই অন্যধৰণে চাব পাৰে, তাৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণৰ কথা ভবা হৈছে । এগৰাকী নাৰীৰ সামগ্ৰিক সৌন্দৰ্য আৰু তাক চাব বিচৰাজনৰ অনুভূতিখিনি ব্যাখ্যা কৰা হৈছে চুটি ছবিখনত ।”

উল্লেখ্য যে, কলা আৰু ড্ৰামা সংযুক্ত চুটি ছবিখনত নাথাকিব কোনো সংলাপ । এখন সাধাৰণ পষ্টাৰৰ জৰিয়তে চুটি ছবিখনৰ ঘোষণা কৰিছে পৰিচালক গৰাকীয়ে । মুখৰ ভাব-ভংগীৰ জৰিয়তে বহিঃপ্ৰকাশ হ’বলগীয়া চুটি ছবিখনৰ কাহিনী কৰণ কুমাৰ দাসৰ । অহা অক্টোবৰ মাহৰ প্ৰথমভাগত চুটি ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব বুলি ইতিমধ্যে জানিবলৈ দিছে পৰিচালকগৰাকীয়ে ।

লগতে পঢ়ক : China Dragon Awards ত এইবাৰ মনোনীত অসমীয়া চুটি ছবি নৰকাসুৰ - Chinmoy Barma Short film Narakasura

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.