ETV Bharat / state

কৰিমগঞ্জত 7 বছৰে নিৰ্মাণ নহ'ল উপস্বাস্থ্য কেন্দ্ৰ - পাথাৰকান্দি বিধানসভা সমষ্টি

পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰখানা পুতনিত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ বছৰ-বছৰ ধৰি চিকিৎসাৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অতি শীঘ্ৰে চিকিৎসাৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

No Medical Facility At Karimganj
কৰিমগঞ্জত 7 বছৰে উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ অসম্পূৰ্ণ কিয় ?
author img

By

Published : Jun 9, 2020, 5:15 PM IST

কৰিমগঞ্জ, 9 জুনঃ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কাৰখানা পুতনি এলেকাত 7 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল উপস্বাস্থ্য কেন্দ্ৰ ৷ অৱশেষত গৰু গোহালীলৈ পৰিণত হৈছে উক্ত উপস্বাস্থ্য কেন্দ্ৰটো ৷

কৰিমগঞ্জত 7 বছৰে নিৰ্মাণ নহ'ল উপস্বাস্থ্য কেন্দ্ৰ

কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কাৰখানা পুতনি এলেকাৰ এক বিপৰীত দৃশ্যই উদঙাইছে বিজেপি চৰকাৰ খনৰ উন্নয়ণৰ প্ৰকৃত ছবি ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰখানা পুতনি নামৰ বৃহত্তৰ এলেকা হৈছে এটা সীমান্তবৰ্তী অঞ্চল। এফালে বাংলাদেশ আৰু আনফালে আছে ত্ৰিপুৰা সীমান্ত । আৰু বৃহত্তৰ এই অঞ্চলৰ লোকসকলে আজিলৈকে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে । বিগত 7 বছৰ পূৰ্বে এখন উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল । কিন্তু দীৰ্ঘ দিনৰে পৰা কেৱল এখন পকী ঘৰ নিৰ্মাণ কৰি দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে। বৰ্তমানে উপস্বাস্থ্য কেন্দ্ৰটো জহি খহি যাবলৈ ধৰিছে । তাৰোপৰি উক্ত অঞ্চলটোত নাই কোনো ধৰণৰ উপযুক্ত চিকিৎসা ব্যৱস্থা ৷ ফলত স্থানীয় লোকসকলে ত্ৰিপুৰাত গৈ চিকিৎসা কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আনহাতে,বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে উপস্বাস্থ্য কেন্দ্ৰটো কৰ্মক্ষম কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাত এতিয়া সমষ্টিবাসী ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ তোলে স্থানীয় ৰাইজে ৷ উক্ত বিষয়টোৰ ওপৰত ক্ষুব্ধ হৈ চৰকাৰ তথা স্থানীয় বিধায়ক বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ অতি শীঘ্ৰে উক্ত উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি অঞ্চলটোৰ ৰাইজৰ বাবে চিকিৎসাৰ সু- ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়কঃ সনাতন ডেকাৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.