ETV Bharat / state

Nilambazar Circle Office: নিৰ্মাণৰ তিনিবছৰতে চপৰা-চপৰে খহিছে বেৰা-টাইলছ - নিৰ্মাণৰ তিনিবছৰতে চপৰা চপৰে খহিছে বেৰা টাইলছ

নিলামবাজাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ স্থায়ী ভৱন নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি ৷ নিৰ্মাণৰ তিনিবছৰৰ পাছত বিভিন্ন ঠাইত ফাট মেলা পৰিলক্ষিত হৈছে ৷ ঠায়ে ঠায়ে খহিছে চিমেণ্ট আৰু টাইলছ ৷ প্ৰায় ১ কোটি ৫৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল ভৱনটো । বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাৰ সুযোগ লৈ ঠিকাদাৰে দুৰ্নীতিৰে সম্পূৰ্ণ কৰিছিল ভৱন নিৰ্মাণৰ কাম ৷

Nilambazar Circle Office
নিৰ্মাণৰ তিনিবছৰতে চপৰা-চপৰে খহিছে বেৰা-টাইলছ
author img

By

Published : Aug 2, 2023, 10:57 PM IST

নিৰ্মাণৰ তিনিবছৰতে চপৰা-চপৰে খহিছে বেৰা-টাইলছ

কৰিমগঞ্জ, ২ আগষ্ট: মাত্ৰ তিনিবছৰ পূৰ্বে শিলচৰ পি ডব্লিউ ডি বিল্ডিং ডিভিজনৰ তত্বাৱধানত নিলামবাজাৰ চক্ৰৰ চৰকাৰী কাৰ্যালয়ৰ স্থায়ী ভৱনটো প্ৰায় ১ কোটি ৫৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল । বহু প্ৰত্যাশিত নতুন অট্টালিকাটোৰ নিৰ্মাণকাৰ্য মাত্ৰ দুবছৰতে সম্পূৰ্ণ কৰা হৈছিল ৷ কিন্তু অট্টালিকাটো নিৰ্মাণৰ তিনিবছৰৰ পাছত বিভিন্ন ঠাইত ফাট মেলা পৰিলক্ষিত হৈছে ৷ ঠায়ে ঠায়ে চিমেণ্ট আৰু ওপৰৰ মহলাৰ টাইলছবোৰ খহি পৰিবলৈ আৰম্ভ কৰিছে ।

চক্ৰ কাৰ্যালয় ভৱনৰ জৰাজীৰ্ণ অৱস্থা পোহৰলৈ অহাৰ লগে লগে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে । যিকোনো সময়তে চিকচিকিয়া অট্টালিকাটো ভাঙি পৰি ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে । প্ৰশাসনিক ভৱনটোৰ বিভিন্ন ঠাইত ভয়ংকৰ ফাট মেলাৰ লগতে বেৰৰ প্লাষ্টাৰ সৰি পৰাৰ উপৰি প্ৰথম আৰু দ্বিতীয় মহলাৰ টাইলছ ভাঙি ডাঙৰ ডাঙৰ ফুটা হোৱাত, যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হৈ মানুহে প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে ।

আগন্তুক স্বাধীনতা দিৱস উপলক্ষে নীলামবাজাৰ চক্ৰ কাৰ্যালয়ত বিভিন্ন সংগঠন আৰু স্থানীয় বিশেষ ব্যক্তিৰ উপস্থিতিত বুধবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভাত নীলামবাজাৰ চক্ৰ বিষয়া সাজ্জাদ হোছেইনক এই বিষয়ে অৱগত কৰি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চ কৰ্তৃপক্ষক অৱগত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে উপস্থিত লোকসকলে । ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী তথা পি ডব্লিউ ডিৰ সংমণ্ডল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কৰিমগঞ্জৰ উপায়ুক্ত মৃদুল যাদৱক এই ধৰণৰ চূড়ান্ত দুৰ্নীতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁলোকে আহ্বান জনায় ৷

উল্লেখ্য যে, নীলামাবাজাৰবাসীৰ দীৰ্ঘদিনীয়া দাবী স্থায়ী চক্ৰ কাৰ্যালয় স্থাপনৰ বাবে গুৱাহাটীৰ ঠিকাদাৰ মুজিবুৰ ৰহমানক ১ কোটি ৫৭ লাখ টকা ব্যয় সাপেক্ষে ভৱনটো নিৰ্মাণৰ বাবে দায়িত্ব দিয়া হৈছিল । বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাৰ সুযোগ লৈ ঠিকাদাৰে খৰখেদাকৈ উজ্জ্বল ৰঙৰ আৱৰণেৰে অট্টালিকাটো গতাই দি বিলখন লৈ গুচি গ’ল । নীলোৎপল দাসকে ধৰি স্থানীয় ৰাইজে এই কামৰ দায়বদ্ধ ঠিকাদাৰ মুজিবুৰ ৰহমানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক: Demanding bribe: চৰকাৰী কাৰ্যালয়ত ঘোষ লোৱাৰ ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.