ETV Bharat / state

অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবেই খুড়ীয়েক দাৰে আক্ৰমণ

author img

By

Published : Jul 23, 2020, 11:51 AM IST

অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবে ভতিজাকে খুড়ীয়েকৰ ওপৰত চলালে প্ৰাণঘাটি আক্ৰমণ ৷ ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন ঘাতকৰূপী ভতিজাৰ ৷ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি মহিলাগৰাকীক ৷

nephew attempted to killed aunt in karimganj

কৰিমগঞ্জ, 23 জুলাই : কৰিমগঞ্জৰ নিলামবজাৰত চাঞ্চল্যকৰ ঘটনা । ভতিজাকে দাৰে ঘপিয়াই ডিঙি কাটিলে খুড়ীয়েকৰ । অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবে ভতিজাকে খুড়ীয়েকৰ ওপৰত এইদৰে প্ৰাণঘাটি আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে । সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজ দিছে পয়ত্ৰিশ বছৰীয়া মহিলাগৰাকীয়ে । ইপিনে ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰিছে ঘাতকৰূপী ভতিজা চাজু আহমেদে ।

উল্লেখ্য যে, কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাত পূৰ্বতেও এজন লোকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈ আছে চাজু আহমেদৰ বিৰুদ্ধে ৷ সেই গোচৰ সংক্ৰান্তত পলাতক হৈ খুড়াক ছাইফুদ্দিনৰ ঘৰত আশ্ৰয় লৈ আছিল অভিযুক্ত গৰাকীয়ে ৷ কিন্তু খুড়াকৰ অনুপস্থিতিত খুড়ীয়েকৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু খুড়ীয়েকে চাজু আহমেদক বাধা দিয়াৰ লগতে বিষয়টো নিজৰ স্বামীক অবগত কৰে ৷

অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ নিদিয়াৰ বাবেই খুড়ীয়েক দাৰে আক্ৰমণ

সেয়াই কাল হ'ল মহিলাগৰাকীৰ বাবে । খুড়াকক এই কুকীৰ্তিৰ কথা অৱগত কৰাৰ বাবেই চাজুৱে দিনৰ পোহৰতে ঘৰত প্ৰৱেশ কৰি দাৰে খুড়ীয়েকৰ ডিঙিত ঘপিয়াই পলায়ন কৰে । সংকটজনক অৱস্থাত প্ৰথমে নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰু তাৰ পাচত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় মহিলাগৰাকীক ৷ কিন্তু আঘাত গুৰুতৰ হোৱাত অৱশেষত তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছে যদিও মহিলাগৰাকীৰ অৱস্থা যথেষ্ট শোচনীয় । ইপিনে চাজু আহমেদৰ বিৰুদ্ধে নিলামবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে মহিলাগৰাকীৰ মাতৃয়ে ।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.