কৰিমগঞ্জ, 18 অক্টোবৰ : কৰিমগঞ্জত এটাৰ পিছত এটাকৈ সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা ৷ বিগত কিছুদিনপূৰ্বে জিলাখনত এগৰাকী বোৱাৰী হত্যাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ পোহৰলৈ আহিছে এগৰাকী বোৱাৰী হত্যাৰ ঘটনা ৷ কৰিমগঞ্জ আৰক্ষী থানাৰ অধীনষ্ঠ ঘোঘৰাকোনা গাঁৱত সংঘটিত হৈছে এই বোৱাৰী হত্যাৰ ঘটনা ৷ উত্থাপিত অভিযোগ অনুসৰি বোৱাৰীগৰাকীৰ স্বামী পৰিয়ালে দাবী কৰা অনুসৰি যৌতুক দিবলৈ নোৱাৰাৰ বাবে সংঘটিত হয় এই হত্যাকাণ্ড ৷ বিগত প্ৰায় 15 মাহ পূৰ্বে ঘোঘৰাকোনাৰ মুচ্ছবিৰ আলীৰ পুত্ৰ কুতুবউদ্দিনৰ সৈতে বিবাহত আৱদ্ধ হৈছিল ছুফিয়া বেগম নামৰ মহিলাগৰাকী ৷ বিবাহৰ পিছৰে পৰা যৌতুক বিচাৰি স্বামী পৰিয়ালে আতিশয্য চলাইছিল ছুফিয়াৰ ওপৰত ৷ দাবী অনুসৰি যৌতুক দিব নোৱাৰাৰ বাবে শাৰিৰীক আৰু মানসিক আতিশয্যৰ বলি হৈছিল ছুফিয়া ৷
অৱশেষত এই অত্যাচাৰে চূড়ান্ত পৰ্যায়ত উপস্থিত হয় আৰু বিগত শনিবাৰে নিশা স্বামী আৰু পৰিয়ালৰ অন্যান্য লোকে মিলি ছুফিয়াৰ শৰীৰত কেৰোচিন ঢালি জ্বলাই দিয়ে ৷ পৰৱৰ্তী সময়ত কুতুবউদ্দিনৰ পৰিয়ালে এই সমগ্ৰ কাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ ব্যৰ্থ চেষ্টা চলায় ৷ কিন্তু শৰীৰৰ প্ৰায় 90 শতাংশ জ্বলি যোৱা ছুফিয়াই মৃত্যুৰ পূৰ্বে সমস্ত ঘটনা বিৱৰি কয় ৷ বোৱাৰীগৰাকীৰ মৃত্যুৰ পিছত ঘটনাস্থলীত কৰিমগঞ্জ আৰক্ষী উপস্থিত হৈ ছুফিয়াৰ স্বামীৰ লগতে শহুৰ-শাহুক গ্ৰেপ্তাৰ কৰে ৷
লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !