ETV Bharat / state

উন্নয়নৰ মুখ নেদেখা কৰিমগঞ্জৰ 25খনকৈ গাঁও

author img

By

Published : Sep 16, 2020, 11:47 AM IST

অসমৰ এখন 10 টকীয়া বাঁহৰ দলং আৰু 25 খনকৈ গাঁও ৷ 10 টকীয়া দলঙেৰেই ইপাৰ-সিপাৰ হৈছে গাঁওবাসী ৷ স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিকোপতি উন্নয়নৰ মুখ দেখা নাই কৰিমগঞ্জ লোকসভা সমষ্টি তথা ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওকেইখনে ৷ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ওয়াঙ্গীৰবন্দ, শ্ৰীৰামপুৰ, আবাদিবস্তি, বিৰঙা, নুনিয়টিলা, বৰবাৰী , পালটিলা নেপালিবস্তি আদিকে ধৰি মুঠ ২৫খন গাঁৱৰ লোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে দলঙখন ৷

More than 25 villages in Karimganj have not seen the face of development
উন্নয়নৰ মুখ নেদেখা কৰিমগঞ্জৰ 25খনকৈ গাঁও

কৰিমগঞ্জ,16 ছেপ্তেম্বৰ : ডিজিটেল ভাৰতৰ আন ডিজিটেল কাহিনী ৷ পৰিৱৰ্তনৰ কথা কৈ, প্ৰতিশ্ৰুতিৰ নৈ বোৱাই, টেঁটু-ফলা ভাষণেৰে শাসনৰ গাদীত বহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ কিন্তু তেওঁলোকৰ শাসনৰ সময়চোৱাত কিমান হ'ল বাৰু ৰাজ্যৰ উন্নয়ন ? মেলে-মিটিঙে উন্নয়নৰ শ্ল'গান দিয়া চৰকাৰখনে ৰাইজৰ দুখ-দুৰ্দশা বুজিবলৈ কেতিয়াবা আহৰি পাইনে ? কাৰণ ৰাইজৰ সমুখত ফাদিল হৈছে উন্নয়নৰ ইখনৰ পিছত আনখন ফোঁপোলা ছবি ৷

অসমৰ এখন 10 টকীয়া বাঁহৰ দলং আৰু 25 খনকৈ গাঁও ৷ 10 টকীয়া দলঙেৰেই ইপাৰ-সিপাৰ হৈছে গাঁওবাসী ৷ স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিকোপতি উন্নয়নৰ মুখ দেখা নাই কৰিমগঞ্জ লোকসভা সমষ্টি তথা ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 25খনকৈ গাঁৱে ৷ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ওয়াঙ্গীৰবন্দ, শ্ৰীৰামপুৰ, আবাদিবস্তি, বিৰঙা, নুনিয়টিলা, বৰবাৰী , পালটিলা নেপালিবস্তি আদিকে ধৰি মুঠ ২৫খন গাঁৱৰ লোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে দলঙখন ৷

সংবাদ মাধ্যমৰ আগত ৰাইজৰ অভিযোগ, কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত অঞ্চলটোত জনপ্ৰতিনিধি আহে ৷ তাৰ পিছত কোনো খবৰেই নাথাকে জনপ্ৰতিনিধিৰ ৷ উল্লেখযোগ্য যে, ৰাতাবাৰী বিধানসভা সমষ্টিৰ পৰা তিনিবাৰ বিধায়ক হৈছে কৃপানাথ মাল্লাহ । তদুপৰি বৰ্তমান তেওঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ ৷ কিন্তু পৰিতাপৰ বিষয় এইয়ে যে,আজি পৰ্যন্ত কিন্তু উন্নয়নৰ মুখ নেদেখিলে গাঁৱবাসীয়ে ৷

লগতে পঢ়কঃফেচবুকত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.