ETV Bharat / state

কৰিমগঞ্জত মৰেল পুলিচগিৰি: এজনক গণপ্ৰহাৰ

কৰিমগঞ্জত সংঘটিত হৈছে মৰেল পুলিচগিৰি ! জিলাখনৰ বুবৰিঘাট চাহ বাগিচাত চোৰৰ সন্দেহত এজন ব্যক্তিক একাংশ লোকে মাৰধৰ কৰে ৷ সম্প্ৰতি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পাথাৰকান্দি আৰক্ষীয়ে ৷

Moral policing incident at tea garden of karimganj assam etv bharat news
মৰেল পুলিচগিৰি
author img

By

Published : Jun 7, 2020, 3:47 PM IST

কৰিমগঞ্জ,7 জুন: কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত বুবৰিঘাট চাহ বাগিচাত সংঘটিত হৈছে মৰেল পুলিচিগিৰিৰ ঘটনা ৷ চোৰৰ সন্দেহত এগৰাকী লোকক ব্যাপকভাৱে গণপ্ৰহাৰ কৰে স্থানীয় ৰাইজে ৷ অৱশেষত একাংশ সচেতন ব্যক্তিৰ সহযোগত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি পাথাৰকান্দি চিকিৎসালয়ৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে লোকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ৰাতাবাৰী ধৰগাঁৱৰ ইছান আলী নামৰ লোকজনে শনিবাৰে নিশাৰ ভাগত বুবৰিঘাট চাহ বাগিচাত সন্দেহজনকভাৱে বিচৰণ কৰাত সন্দেহ ওপজে স্থানীয় ৰাইজৰ ৷ দৰাচলতে উক্ত অঞ্চলত সঘনে বাংলাদেশী গৰু চোৰে তাণ্ডৱ চলোৱাৰ বাৱে ৰাইজে ব্যক্তিজনক চোৰৰ সন্দেহ কৰে ৷ ইয়াৰ পিছতে বাগিচাৰ একাংশ যুৱকে লোকজনক ধৰি মাৰধৰ কৰে ৷

মৰেল পুলিচগিৰি

সম্প্ৰতি লোকজনৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হয় জিলা উপ-আৰক্ষী অধীক্ষক সুধন্য শুক্লবৈদ্য ৷ ইতিমধ্য়ে পাথাৰকান্দি আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷ লক ডাউনৰ মাজতো ব্যক্তিগৰাকীয়ে চাহ বাগিচাত কি কাৰণে ঘূৰা-ফুৰা কৰিছিল সেয়া সন্দেহজনক ৷

লগতে চাওকঃ বোকাখাতত গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.