কৰিমগঞ্জ,9 জুন : হঠাৎ অসুস্থ হ’ল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ ৷ সোমবাৰৰ পৰা জ্বৰত ভুগি থকা বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত বুধবাৰে শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ হঠাতে বিধায়কগৰাকীৰ দেহত অক্সিজেনৰ মাত্ৰা কমি যোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
অৱশ্যে বিধায়কগৰাকীৰ কৰ'ণা পৰীক্ষা কৰোৱা হৈছে যদিও ৰেপিড এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে ৷ কিন্তু আৰটিপিচিআৰ (RTPCR) টেষ্টৰ ফলাফল অহাৰ পাচতহে বিধায়কগৰাকী কৰ'ণাত আক্ৰান্ত হৈছেনে আন কোনো ৰোগত আক্ৰান্ত হৈছে সেয়া জানিব পৰা যাব ৷
লগতে পঢ়ক: বিশিষ্ট লেখক ড° ৰোহিণী কুমাৰ বৰুৱা আৰু নাই