ETV Bharat / state

পাকিস্তান জিন্দাবাদ ধ্বনিঃ বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া

author img

By

Published : Nov 6, 2020, 2:26 PM IST

উক্ত ভিডিঅ'টো সম্পাদন কৰি প্ৰচাৰ কৰা হৈছে বুলি অভিযোগ বিধায়ক গৰাকীৰ ৷ বিজেপি চৰকাৰলৈ পৰোক্ষ ভাৱে আঙুলি টোঁৱোলে বিধায়ক গৰাকীয়ে ৷

MLA Aziz Ahmed Khan reaction's on viral video
পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ভাইৰেল ভিডিঅ' সন্দৰ্ভত বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া

কৰিমগঞ্জ, 6 নৱেম্বৰ: শিলচৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া এটা ভাইৰেল ভিডিঅ'ই ৰাজ্যজুৰি তীব্ৰ খলকনি সৃষ্টি কৰাৰ সময়তে ভিডিঅ'টো সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানে ৷ বিধায়ক আজিজ আহমেদ খানে উল্লেখ কৰিছে যে,ধ্বনিটো তেওঁৰে একাংশ সমর্থকে দিছিল ৷ কিন্তু ধ্বনিটো প্ৰকৃততে আজিজ খান জিন্দাবাদ বুলিহে দিছিল বুলি মন্তব্য কৰি ধ্বনিটো ভালদৰে শোনাৰ পোষকতা কৰে বিধায়ক গৰাকীয়ে ৷ তেখেতৰ অভিযোগ কাংশ স্বার্থান্বেষী চক্রই এই ধ্বনিটো বিকৃত কৰি পৰিবেশন কৰিছে ৷ লগতে বিধায়ক গৰাকীয়ে সমান্তৰালকৈ কয় যে ভাৰতৰর্ষত থাকি যদি কোনোবাই যদি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে তেতিয়া হলে তেওঁৰ শাস্তি হ'ব লাগে ৷

উল্লেখ্য যে,এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল বৃহষ্পতিবাৰে শিলচৰত আহি উপস্থিত হোৱাৰ লগে লগে কৰ'ণা কালতো বৃহৎ সংখ্যক কৰ্মী সমৰ্থক বিমানবন্দৰত উপস্থিত হৈছিল ৷ ইয়াৰ লগত এই ভাইৰেল ভিডিঅটোক সংযোগ কৰি বিধায়ক আজিজ খানে কয় যে,আজমলৰ এনে জনপ্ৰিয়তা দেখি শাসকীয় দলৰ মূৰ ঘুৰাইছে ৷ যাৰ বাবে আজিজ খান জিন্দাবাদ ধ্বনিটো পাকিস্তান জিন্দাবাদ ধ্বনি বুলি বিকৃত ৰূপত সম্পাদন কৰি একাংশই প্ৰতাৰ কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ পাকিস্তান জিন্দাবাদ ধ্বনিৰে আজমলক স্বাগতম সমৰ্থকৰ : ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.