কৰিমগঞ্জ, 1 জুন : ‘‘তিনি-চাৰিটা কৌশল ব্যৱহাৰ কৰি বিজেপিয়ে অসম আৰু ভাৰতত চৰকাৰ চলাই আছে । তেওঁলোকৰ প্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ কৌশল হ’ল হিন্দু ধৰ্ম । আন ধৰ্মৰ মানুহক অপমান কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰি আছে ৷’’ বুধবাৰে হাইলাকান্দিত আয়োজিত এক দলীয় অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi criticized BJP govt) ৷
লগতে এই দলীয় সভাতে বিজেপিৰ দ্বিতীয়টো কৌশল চৰম জাতীয়তাবাদ আৰু তৃতীয়টো কৌশল ন্যস্ত স্বাৰ্থৰ প্ৰকল্প বুলি বিধায়ক গগৈয়ে তীব্ৰ সমালোচনাও কৰে । লগতে তেওঁ কয়, ‘‘বিজেপিয়ে মাজে সময়ে পাকিস্তান, বাংলাদেশ, চীনৰ বিৰুদ্ধে উগ্ৰ ৰাষ্ট্ৰবাদ তথা ভাৰততত্ব কৰি ভোটৰ সংখ্যা বঢ়ায় ৷ এইটো বিজেপিৰ ৰাজনীতিৰ দ্বিতীয়টো কৌশল ৷ আনকি ৰাজ্যৰ যিবোৰ লোকে হিন্দু-মুছলমান বা অন্য বিষয়ৰ প্ৰতি আগ্ৰহী নহয় তেওঁলোকক বিভিন্ন হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি বিজেপিয়ে ভোট বেংকৰ সংখ্যা বঢ়ায়’’ ৷
বিধায়ক গগৈয়ে আৰু কয়, ‘‘বিজেপি সকলো ৰাজহুৱা অনুষ্ঠান ব্যক্তিগত খণ্ডক অৰ্পণ কৰি গৈ আছে ৷ যদিহে আগন্তুক 2024 ৰ নিৰ্বাচনত বিজেপি জয়ী হয়, তেন্তে 2026 ৰ ভিতৰত দেশখন গণৰাজ্য বা গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষ হৈ নাথাকিব ৷ কিয়নো 2025 ত RSS ৰ প্ৰতিষ্ঠা দিৱস আছে ৷ RSS ৰ প্ৰতিষ্ঠা দিৱসৰ পাচৰ পৰাই সম্পূৰ্ণ দেশখন হিন্দুৰাষ্ট্ৰলৈ পৰিণত হ’ব’’ (MLA Akhil Gogoi criticized RSS) ৷
উল্লেখ্য যে, বুধবাৰে হাইলাকান্দিত অনুষ্ঠিত হয় ৰাইজৰ দলৰ বিভিন্ন সভা ৷ বুধবাৰে হাইলাকান্দি ভ্ৰমণ কৰি ৰাইজৰ দলৰ বিভিন্ন দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ প্ৰথমে এক সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিধায়ক গগৈয়ে হাইলাকান্দি চহৰৰ কটলিছাৰা বাছ ষ্টেণ্ডত আয়োজিত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ।
এই অনুষ্ঠানতে বিভিন্ন শ্ৰেণীৰ প্ৰায় 500 লোকে ৰাইজাৰ দলত যোগদান কৰে । এই অনুষ্ঠানতে অসম সংবিধান সভাৰ হাইলাকান্দি জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কামৰুল ইছলাম লস্কৰেও ৰাইজৰ দলত যোগদান কৰে ।