ETV Bharat / state

অসমৰ ভূমি দখলৰ বাবে মিজোৰামৰ নতুন ব্লুপ্ৰিণ্ট

অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ হৈছে উত্তেজনা ৷ এইবাৰ অসমৰ ভূমি আগ্ৰাসনৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে মিজোৰামে ৷

mizorams-new-blueprint-for-land-grabbing-in-assam
অসমৰ ভূমি দখলৰ বাবে মিজোৰামৰ নতুন ব্লুপ্ৰিণ্ট
author img

By

Published : Jul 20, 2021, 7:07 PM IST

পাথাৰকান্দি, 20 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসম-মিজোৰাম সীমান্তত পুনৰ বৃদ্ধি পাইছে উত্তেজনা ৷ এইবাৰ নতুনকৈ অসমৰ ভূমি দখলৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে মিজোৰামে ৷ স্থানীয় জনগোষ্ঠীয় লোকক প্ৰলোভন দেখুৱাই অসমৰ মাটি মিজোৰামৰ বুলি দাবী কৰাই আন্দোলনত থিয় কৰালে মিজোৰামে ৷ এই ঘটনাই সীমান্ত অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

উল্লেখ্য যে, যোৱা বছৰ ৰাতাবাৰী অসম মিজোৰাম সীমান্তৰ ছিংলা সংৰক্ষিত বনাঞ্চলৰ ভুবিৰবন্দ এলেকাত মিজোৰামে দখল কৰা ভূমিত উচ্ছেদ অভিযান চলাইছিল জিলা প্ৰশাসনে ৷ কিন্তু জিলা প্ৰশাসনৰ আগ্ৰাসনৰ পিছতে উক্ত অঞ্চলত মিজোৰ অসমৰ ভূমি আগ্ৰাসন দুগুণে বৃদ্ধি পাইছে ৷ সীমান্তত প্ৰায় দুই কিলোমিটাৰ ঠাই দখল কৰি মিজো সকলে নিৰ্মাণ কৰিছে ঘৰ-বাৰী ৷ অসমৰ ভূমিত নিৰ্মাণ কৰিছে আইআৰ বেটেলিয়ন কেম্প ৷

উল্লেখ্য যে, শেহতীয়াকৈ অসমৰ ভূমিত কেইবা কিলোমিটাৰ সোমাই আহিছে মিজোসকল ৷ প্ৰতি মূহুৰ্ততে আগ্ৰাসন আগবঢ়াই গৈছে মিজো সকলে ৷ কিন্তু ইয়াৰ বিপৰীতে সীমান্তত এটা আৰক্ষী কেম্প বনাইয়ে দায়িত্ব সামৰিছে অসমৰ প্ৰশাসনে ৷ যাৰ বাবে শংকিত হৈ পৰিছে সীমান্ত অঞ্চলত বাস কৰা লোক সকল ৷

অসমৰ ভূমি দখলৰ বাবে মিজোৰামৰ নতুন ব্লুপ্ৰিণ্ট

ইপিনে শেহতীয়াকৈ পোহৰলৈ অহা এক চাঞ্চল্যকৰ তথ্য অনুসৰি সীমান্তৰ দাঁতিকাষৰীয়া জনজাতীয় লোকসকলক ধৰ্মান্তৰিত কৰি তথা বিভিন্ন প্ৰলোভন দেখুৱাই তেওঁলোকক অসমৰ ভূমিৰ সৈতে যুক্ত হ’বলৈ বিভিন্ন প্ৰলোভন আগবঢ়াইছে মিজোৰামৰ কিছুমান সংগঠনে ৷ যাৰ বাবে অসমৰ ভূমিত ইতিমধ্যে দুটাকৈ গীৰ্জাঘৰ বনাইছে মিজোৱে ৷

প্ৰাপ্ত খবৰ মতে, মিজোৰ প্ৰলোভনত ভোল গৈ ৰাতাবাৰীৰ ছিংলা সংৰক্ষিত বনাঞ্চল আৰু পাথাৰকান্দিৰ লংগাই সংৰক্ষিত বনাঞ্চলক মিজোৰামৰ সৈতে সংযুক্ত কৰি দিয়াৰ দাবীৰে এক মৌন প্ৰতিবাদ বাহিৰ কৰিছিল সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা একাংশ অসমৰ লোকে ৷ এই সন্দৰ্ভত সোমবাৰে বিয়লি, সংবাদ মাধ্যমক নিষিদ্ধ কৰি এই লোক সকলৰ সৈতে এখন বৈঠকত মিলিত হয় অসমৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়া সকল ৷ উক্ত বৈঠকত কি আলোচনা হয় সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ৷

সংবাদ মাধ্যমৰ উপস্থিতি নিষিদ্ধ কৰাৰ আঁৰত অসম প্ৰশাসনৰ ব্যৰ্থতা লুকাই আছে নেকি সেই সন্দৰ্ভত এতিয়া সচেতন মহলৰ মাজত প্ৰশ্নৰ উদ্ভৱ হৈছে ৷

লগতে পঢ়কঃ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.