ETV Bharat / state

অসমৰ ভূমি বেদখলত মিজোৰাম:কৰিমগঞ্জ জিলা প্ৰশাসনৰ উচ্ছেদ - বিশাল আৰক্ষী বাহিনী

জিলা উপায়ুক্তৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী আৰু বন কৰ্মীয়ে অসমৰ মাটিত থকা মিজো লোকৰ দখলকৃত ভূমিত কৰা খেতিৰ লগতে ধংস কৰিলে স্থাপন কৰা ঘৰ ৷

MIZORAM ENCROCHMENT DESTROYED BY KARIMGANJ ADMINISTRATION
অসমৰ ভূমি বেদখল মিজোৰামৰঃ উচ্ছেদ কৰিমগঞ্জ জিলা প্ৰশাসনৰ
author img

By

Published : Oct 10, 2020, 9:05 AM IST

কৰিমগঞ্জ,10 অক্টোবৰঃ মেঘালয়, নাগালেণ্ডৰ পাছত এইবাৰ মিজোৰামে দখল কৰিলে অসমৰ ভূমি ৷ মিজোৰামৰ একাংশ লোকে অসমৰ ভূমি দখল কৰি তাত জুম খেতি কৰাৰ উপৰিও স্থাপন কৰিলে ঘৰ ৷ তাৰোপৰি চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত কামৰো আধাৰশিলা স্থাপন কৰিলে অসমৰ ভূমিত ৷ অবশেষত কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ বলিষ্ঠ পদক্ষেপত উৎখাত কৰা হ’ল সকলো ৷

উল্লেখযোগ্য যে, কৰিমগঞ্জৰ ৰংপুৰ এলেকাত থকা অসম মিজোৰাম সীমান্তৰ অতিকে দূৰ্গম এই অঞ্চলটো ৷ অসমৰ সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত এই অঞ্চলটোl বহু দিনৰ পৰাই মিজোৰামে ভূমি দখলৰ লগতে ভয় ভাবুকি দেখুৱাই আহিছিল ৷ অসমৰ সীমাৰ ভিতৰত বলপূৰ্বক প্ৰৱেশ কৰি প্ৰায় ৫০০ মিটাৰ এলেকা সামৰি ভূমি বেদখল কৰি স্থায়ী ঘৰ স্থাপনৰ লগতে অঞ্চলটোত জুম খেতি কৰিবলৈ আৰম্ভ কৰিছিল ৷ এই সকলো দেখিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ দেখা পোৱা নগৈছিল ৷

অসমৰ ভূমি বেদখল মিজোৰামৰঃ উচ্ছেদ কৰিমগঞ্জ জিলা প্ৰশাসনৰ

ইপিনে সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত হৈ কৰিমগঞ্জৰ জিলা উপায়ুক্ত গৰাকীয়ে এক বিশাল আৰক্ষী বাহিনী লগত লৈ অভিযান চলাই মিজোৰামৰ দখলৰ পৰা বেদখল মুক্ত কৰে অসমৰ এই অঞ্চলটো ৷ অভিযান কালত উপায়ুক্ত গৰাকীৰ লগত জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক দুগৰাকীয়েও কৰিলে সম্পূৰ্ণ সহযোগ ৷

লগতে পঢ়কঃ হিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.