ETV Bharat / state

মহা নৱমী উপলক্ষে ৰাজ্যজুৰি আনন্দৰ ঢল - পাথাৰকান্দি

মহা নৱমী উপলক্ষে ঐতিহাসিক ৰজাঘৰীয়া মহামায়া মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত ৷ মন্দিৰটোত পৰম্পৰা অনুসৰি চলিল বলি প্ৰথা ৷ প্ৰায় ৪০০ বছৰ পুৰণি প্ৰাচীন যুগৰে পৰা চলি আহিছে গৌৰীপুৰৰ মহামায়া মন্দিৰৰ দুর্গা পূজা

মহা নৱমী উপলক্ষে ৰাজ্যজুৰি আনন্দৰ ঢল
author img

By

Published : Oct 7, 2019, 9:05 PM IST

ধুবুৰী, কৰিমগঞ্জ, 7 অক্টোবৰঃ মহা নৱমী উপলক্ষে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আনন্দৰ ঢল ৷ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ ৷ ধুবুৰীতো নৱমী উপলক্ষে ব্যস্ত হৈ পৰিছে ভক্তগণ ৷ ধুবুৰীত 133 বছৰত ঐতিহাসিক হৰিসভাত পূজা মণ্ডপত সমবেত হয় শ শ লোক ৷ নৱমীৰ লগত সংগতি ৰাখি সন্ধিয়া আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে মঙলবাৰে পুৱা ঢাক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব হৰিসভা প্ৰাঙ্গনত ।

মহা নৱমী উপলক্ষে ৰাজ্যজুৰি আনন্দৰ ঢল

যিহেতু মঙলবাৰে বিজয়া দশমীত বিদায় ল'ব মা দেৱী দুর্গাই । সেয়ে দেৱী দূর্গাৰ বিদায়ৰ পূৰ্বে মহা নৱমীত দুখ প্ৰকাশ কৰিছে ভক্তপ্ৰাণ ৰাইজে ৷ পাথাৰকান্দি সমষ্টিৰ ভিতৰত প্ৰথম স্থানত আছে বাজাৰিছড়া মাড়ুয়াৰী সাৰ্বজনীন দুৰ্গা মণ্ডপ ৷ জাকজমকতাতকৈ আধ্যাত্মিকতাৰ বাবে ঐতিহ্য থকা ৩৫ বছৰীয়া বাজাৰীছড়া মাড়ুয়াৰী সাৰ্বজনীন দুৰ্গা পূজাস্থলীত প্ৰতিদিনে সমাগম হয় অগনন ভক্তপ্ৰাণ ৰাইজৰ ৷ মাড়ুয়াৰী সাৰ্বজনীন পূজা সমিতিয়ে প্লাষ্টিক বৰ্জন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

মহা নৱমী উপলক্ষে ঐতিহাসিক ৰজাঘৰীয়া মহামায়া মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত ৷ মন্দিৰটোত পৰম্পৰা অনুসৰি চলিল বলি প্ৰথা ৷ প্ৰায় ৪০০ বছৰ পুৰণি প্ৰাচীন যুগৰে পৰা চলি আহিছে গৌৰীপুৰৰ মহামায়া মন্দিৰৰ দুর্গা পূজা ৷ মৃন্ময় মূৰ্তিৰ সলনি সম্পূৰ্ণ কুঁহিলাৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰ সন্মুখত পঞ্চমীৰ দিনাৰ পৰাই চলে বলি বিধান।

Intro: দুৰ্গাপূজাৰ বতৰত আনন্দৰ ঢল বৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো প্ৰান্তত। ধুবুৰীতো একেই ছবি। আজি নৱমীৰ দিনা সকলোৱে সাজি কাঁচি ওলাই আহিছে। এক উখল মাখল পৰিৱেশ ধুবুৰীত। আনন্দৰ মাজতো আকৌ দুখ প্ৰকাশ বহুতৰে।

Body: নৱমীৰ দিনা উখল মাখল ধুবুৰীৰ প্ৰতিটো প্ৰান্ত। সকলোৱে দূৰ্গাপূজা উপলক্ষে সুন্দৰকৈ সাজি কাঁচি ওলাই আহিছে। এয়া ধুবুৰীৰ শতবৰ্ষ গৰকা ঐতিহাসিক হৰিসভাৰ দৃশ্য। লোকে লোকৰণ্য হৈ পৰিছে হৰিসভা প্ৰাঙ্গন। দৰাচলতে ধুবুৰীৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতি বছৰে নৱমীৰ দিনা সমবেত হয় শ শ লোক। সনাতন ধৰ্মৰ অন্যতম প্ৰতিষ্ঠান ধুবুৰী হৰিসভা ভৰি দিছে ১৩৩ বছৰত। আজি নৱমীৰ সন্ধিয়া আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে কাইলৈ পোৱা ঢাক প্ৰতিযোগিতা অনুষ্ঠিত হব হৰিসভা প্ৰাঙ্গনত।

Byte:- (05) সাধাৰণ সম্পাদক, হৰিসভা কমিটি।

ইপিনে দূৰ্গাপূজা মানেই আনন্দ। নতুন নতুন সাজ সজ্জাৰে সুন্দৰকৈ সাজি কাঁচি ওলাই আহিছে সকলোৱে। বিশেষকৈ নৱ প্ৰজন্মৰ যুৱক যুৱতীৰ উপৰি মহিলা সকলেও সাজি কাঁচি ওলাই আহিছে। সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰিছে দেৱী দূর্গাৰ। অৱশ্যে এনে উৎসৱৰ মাজতো ধুবুৰীৰ বিধ্বস্ত বাট পথৰ বাবে সকলোকে জিয়াতু ভোগাইছে বুলি দুখ প্ৰকাশ কৰিলে একাংশ মহিলাই। আনহাতে দেৱী দূর্গাৰ বিদায়ৰ প্ৰাকক্ষণত দুখ প্ৰকাশ কৰিলেও আকৌ অহা বছৰ আহিব বুলি আশা ব্যক্ত কৰি আনন্দত মতলীয়া হৈ পৰে মহিলা সকলে।

Byte:- (04) মহিলা সকল

ইপিনে কাইলৈ বিজয়া দশমীত বিদায় লব মা দেৱী দূর্গা। সেয়ে দেৱী দূর্গাৰ বিদায়ৰ পূৰ্বে আজি মহা নৱমীত দুখ প্ৰকাশ কৰিছে নৱ প্ৰজন্ম যুৱতী সকলেও।যদিওঁ দেৱী দুৰ্গাই পুণৰ সুখ আৰু শান্তিৰ টোপোলা লৈ পুণৰ ধৰালৈ আহিব বুলিও আশা প্ৰকাশ কৰে।

Byte:- (06) যুৱতী

Conclusion: মুঠৰ ওপৰত দূৰ্গাপূজা উপলক্ষে উছাহৰ ঢল বৈছে ধুবুৰীত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.