ETV Bharat / state

লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়াই বিপদ নমাইছে স্থানীয় লোকৰ - Langai river erosion

দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত সুপ্রাকান্দি পঞ্চায়তৰ নয়াগ্ৰাম গাঁওত লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত । ইতিমধ্যে ভেটি মাটি হেৰুৱাই প্ৰায় বাৰ ঘৰ পৰিয়ালে গাঁও এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে ।

as_01_longai-river-erosion_vis_AS10036
লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়াই বিপদ নমাইছে স্থানীয় লোকৰ
author img

By

Published : Jul 3, 2021, 10:08 PM IST

কৰিমগঞ্জ, 3 জুলাই : দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত সুপ্রাকান্দি পঞ্চায়তৰ নয়াগ্ৰাম গাঁওত লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত । ইতিমধ্যে ভেটি মাটি হেৰুৱাই প্ৰায় বাৰ ঘৰ পৰিয়ালে কৰ'ণা (Corona)ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই গাঁও এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে । আনহাতে, কেইবাটাও বাসগৃহ এতিয়াও ওলমি আছে নৈৰ বুকুত । বছৰ বছৰ ধৰি এই ধাৰা অব্যাহত আছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন জল সম্পদ বিভাগ (Water Resource Department)। বাৰিষা অহাৰ লগে লগে আতংকিত হৈ পৰে নৈ পৰীয়া ৰাইজ ।

লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়াই বিপদ নমাইছে স্থানীয় লোকৰ

বিশেষকৈ ৰাজ্যৰ ভিতৰত এনে কেইখন নৈ আছে, যি নৈ সমুহ যথেষ্ট বলিয়া নৈ নিচাপে পৰিচিত । ইয়াৰে এখন নৈ হৈছে লংগাই নৈ (Langai River) । মিজোৰামৰ পৰা বৈ অহা লংগাই নৈয়ে (Langai River) ভৰ বাৰিষাৰ সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ লয় । ৰাজ্যৰ আন নৈৰ সমান্তৰালকৈ লংগাই নৈৰ (Langai River) জলস্তৰ লাহে লাহে বৃদ্ধি পাব ধৰিছে ।

বিশেষকৈ এই নৈৰ কৱলত পৰি যি সকলে ইতিমধ্যে সৰ্বহাৰা হৈছে এওঁলোক বাৰিষা অহাৰ লগে লগে যথেষ্ট চিন্তিত হৈ পৰে । উদাহৰণ স্বৰূপে, দক্ষিণ কৰিমগঞ্জৰ সুপ্রাকান্দি পঞ্চায়তৰ নয়াগ্ৰাম নামৰ এইখন গাঁও ।

যিখন গাঁওৰ প্ৰায় 12 টা পৰিয়ালৰ মাটি ভেটি ইতিমধ্যে লংগাই নৈৰ বুকত জাহ যোৱাৰ ফলত পৰিয়াল কেইটা অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে । সমান্তৰালকৈ আন কেইবাখনো ঘৰ আধাতে ওলমি আছে । অথচ বহু বছৰ ধৰি এই খহনীয়া অব্যাহত আছে যদিও কি জলসম্পদ বিভাগ, কি জনপ্ৰতিনিধি, সকলোৱে কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে একো নিদিয়াৰ অভিযোগ গাঁওৰ প্ৰতিজন লোকৰ ।

লগতে পঢ়ক:অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.