কৰিমগঞ্জ,4 অক্টোবৰঃ পাথাৰকান্দি সমষ্টিৰ বাহাদুৰপুৰ গাঁৱত লংগাই নৈৰ কালৰূপ ধাৰণ । খহনীয়াৰ কৱলত পৰি নিশ্চিহ হোৱাৰ পথত এটা পকী পথ । মথাউৰিৰ উপৰত নিৰ্মিত এই পকী পথটোৱেই হৈছে বহুকেইখন গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰষা । নৈৰ কোবাল সোঁতে ইতিমধ্যে পথটোৰ আধা অংশ খহাই লৈ গৈছে । যিকোনো মুহুৰ্তত আনখিনি অংশও খহাই নিয়াৰ আশংকা প্ৰৱল । বাচি থকা অংশৰে কোনোমতে যাতাযত কৰি আহিছে গাঁওবাসীয়ে । সম্পূৰ্ণ খহাই নিলে বন্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা।
![LONGAI RIVER EROSION AT KARIMGANJA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9043091_kkl.jpg)
ইপিনে খহনীয়াৰ সন্দৰ্ভত জলসম্পদ বিভাগৰ সৈতে নিৰন্তৰভাৱে যোগাযোগ কৰি আহিছে গাঁওবাসীয়ে। খহনীয়া ৰোধ কৰা দুৰৰে কথা, খহনীয়া স্থলী পৰিদৰ্শন কৰাৰ বাবেও গাঁওখনৈ অহা নাই বিভাগৰ দায়িত্বত থকা কোনো এজন বিষয়া। সং অতি শীঘ্ৰে যদি খহনীয়া প্ৰতিৰোধ কৰা নহয় তেন্তে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব গাঁওখনকে ধৰি অঞ্চলটোৰ শহস্ৰাধিক লোক ।
লগতে পঢ়কঃ চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত মৰিগাঁৱত দুৰ্নীতি !