ETV Bharat / state

দেৱী বিসৰ্জনৰ বাবে সাজু কুশিয়াৰা নৈৰ ঘাট - বিজয়া দশমী

আজি বিজয়া দশমী ৷ ধৰাৰ বুকুৰ পৰা আজি স্বর্গলৈ উভতিব দেৱী দুর্গা ৷ মূৰ্তি বিসৰ্জনৰ বাবে সাজু কৰিমগঞ্জ প্ৰশাসন । জিলাখনৰ ভাৰত-বাংলা সীমান্তৰ কুশিয়াৰা নৈত হ’ব মূৰ্তি বিসৰ্জনৰ কাৰ্যসূচী ৷

Kuchiyara river bank ready for dasera karimganj assam etv bharat news
দেৱী বিসৰ্জনৰ বাবে সাজু কৰিমগঞ্জ প্ৰশাসন
author img

By

Published : Oct 26, 2020, 1:05 PM IST

কৰিমগঞ্জ, 26 অক্টোবৰ : আজি বিজয়া দশমী ৷ পাঁচদিনীয়া পূজাৰ অন্তত দেৱী আজি উভটিব স্বৰ্গলৈ ৷ তাৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰায়বোৰ নদীৰ ঘাট ৷ কৰিমগঞ্জৰ কুশিয়াৰা নৈৰ ঘাটো দেৱী বিসৰ্জনৰ বাবে সাজু কৰি তুলিছে প্ৰশাসনে ৷ ইতিমধ্যে জিলাখনত আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷ কুশিয়াৰা নৈত অসমৰ উপৰিও বাংলাদেশৰ জকিগঞ্জ এলেকাৰ দুৰ্গা পূজাৰ দেৱী বিসৰ্জন দিয়া হয় ৷ চুবুৰীয়া ৰাষ্ট্ৰখনে এই কাৰ্যত কোনো বাধাৰ সন্মুখীন নহ’বলৈ তৎপৰ হৈ উঠিছে সীমান্ত আৰক্ষী ৷ তদুপৰি বিসৰ্জন ঘাটত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

দেৱী বিসৰ্জনৰ বাবে সাজু কৰিমগঞ্জ প্ৰশাসন

লগতে চাওকঃ মৰিগাঁৱত তিনি মাহে পানীত ডুৱ গৈ আছে বিদ্যালয়ৰ খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.