কৰিমগঞ্জ, 22 অক্টোবৰঃ কৰিমগঞ্জ জিলাৰ বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে । পাথাৰকান্দি সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্ত সংলগ্ন ফুলকান্দি এলেকাত অভিযান চলাই বুধবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৷
কাঠসহ আটক কৰা বিলাল উদ্দিন গোপন সূত্ৰৰ ভিত্তিত পাথাৰকান্দিৰ ৰেঞ্জৰ বন বিষয়া দেৱজিৎ নাথৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে ভাৰত বাংলাদেশ সীমান্ত সংলগ্ন ফুলকান্দি এলেকাত বি এছএফৰ সহযোগত এখন ট্রাকৰ পৰা চোৰাং কাঠ জব্দ কৰাৰ লগতে
MZ-05A-0021 নম্বৰৰ বলেৰ' পিকা আপ ভান আৰু বিলাল উদ্দিন নামৰ এগৰাকী লোকক আটক কৰে ৷ উল্লেখযোগ্য যে,বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য প্ৰায় দুই লাখ টকা।