ETV Bharat / state

ন্যায়ালয়ে বিদেশী ঘোষণা কৰা 104 বছৰীয়া চন্দ্রধৰ দাসৰ মৃত্যু

author img

By

Published : Dec 16, 2020, 10:22 PM IST

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বাসিন্দা চন্দ্ৰধৰ দাসে শাক-পাচলি বিক্ৰী কৰি পৰিয়ালটোৰ পোহপাল দি আহিছিল ৷ কিন্তু তাৰমাজতে 2018 চনৰ মাৰ্চ মাহত শিলচৰৰ বিদেশী চিনাক্তকৰণ ন্যায়াধীশৰ আদালতে 104 বছৰীয় বৃদ্ধ চন্দ্ৰধৰ দাসক বিদেশী বুলি ঘোষণা কৰিছিল ৷

ন্যায়ালয়ে বিদেশী ঘোষণা কৰা 104 বছৰীয়া চন্দ্রধৰ দাসৰ মৃত্যু
ন্যায়ালয়ে বিদেশী ঘোষণা কৰা 104 বছৰীয়া চন্দ্রধৰ দাসৰ মৃত্যু

কৰিমগঞ্জ,16 ডিচেম্বৰ : প্ৰকৃত ভাৰতীয় নাগৰিক হৈও ন্যালয়ৰ দ্বাৰা বিদেশী ঘোষিত হোৱা কাছাৰৰ 104 বছৰীয়া চন্দ্ৰধৰ দাসে অৱশেষত মৃত্যুক আঁকোৱালি লয় ৷ মৃত চন্দ্ৰধৰ দাস ধলাই সমষ্টিৰ দৰ্মী অঞ্চলৰ বৰাই বস্তিৰ বাসিন্দা আছিল ৷

উল্লেখযোগ্য যে, কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বাসিন্দা চন্দ্ৰধৰ দাসে শাক-পাচলি বিক্ৰী কৰি পৰিয়ালটোৰ পোহপাল দি আহিছিল ৷ কিন্তু তাৰমাজতে 2018 চনৰ মাৰ্চ মাহত শিলচৰৰ বিদেশী চিনাক্তকৰণ ন্যায়াধীশৰ আদালতে 104 বছৰীয় বৃদ্ধ চন্দ্ৰধৰ দাসক বিদেশী বুলি ঘোষণা কৰে ৷

আনহাতে ন্যায়ালয়ে বিদেশী ঘোষণা কৰাৰ পিচতে চন্দ্ৰধৰ দাসক তিনি মাহ শিলচৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ ইপিনে 1966 চনৰ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰসহ ভাৰতীয় নাগৰিকত্বৰ ভোটাৰ তালিকা থকাৰ পিচতো চন্দ্ৰধৰ দাসক বিদেশী ঘোষণা কৰাৰ অভিযোগ ৷

একেদৰে পৰিয়ালটোৱে মনত আশা পুহি ৰাখিছিল এদিন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক ন্যায় প্ৰদান কৰিব ৷ কিন্ত সেই আশা, আশা হৈয়ে থাকিল চন্দ্ৰধৰ দাসৰ ৷ ইফালে সম্প্ৰতি চন্দ্ৰধৰ দাসৰ মৃত্যুয়ে ব্যথিত কৰি তুলিছে তেওঁক বিদেশী মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই অহা কমল চক্ৰৱৰ্তী নামৰ ব্যক্তিজনে ৷

লগতে পঢ়কঃ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.