কৰিমগঞ্জ, ২৫ ফেব্ৰুৱাৰী: অফলাইন মাধ্যমেৰে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ কিন্তু বিশ্বজুৰি কৰ'ণা মহামাৰীৰ ফলত স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনলাইন মাধ্যমতে অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই উত্তাল প্রতিবাদ সাবস্ত কৰে কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ।
![পাঠদান বৰ্জন কৰি কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/karim1_2502newsroom_1614248406_312.jpg)
বৃহস্পতিবাৰে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অফলাইন মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে কৰিমগঞ্জ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ সম্মুখত তীব্র প্রতিবাদ সাব্যস্ত কৰে । পাঠদান বৰ্জন কৰি নামি পৰিল প্ৰতিবাদত ।
অসম বিশ্ববিদ্যালয় মুর্দাবাদ ধ্বনিৰে কপাঁই তোলে মহাবিদ্যালয়ৰ চৌহদ । যদিহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিন্ধান্তৰ কোনো পৰিবৰ্তন নকৰে তেন্তে আগন্তুক পৰীক্ষা বৰ্জন কৰাৰ হুংকাৰ প্ৰদান শিক্ষাৰ্থীসকলৰ ।