ETV Bharat / state

হত্যাকাৰীক আটকৰ দাবীৰে কৰিমগঞ্জৰ নিভিয়াত পথ অৱৰোধ - protest

৪জুনত কৰিমগঞ্জৰ নিভিয়া অঞ্চলৰ এখন চাহ বাগানত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী স্বামীহীন মহিলাৰ মৃতদেহ । নন্দা ৰাণী নমসূদ্ৰ নামৰ এই মহিলাগৰাকীক হত্যাৰ সন্দেহৰে এজন যুৱকৰ নাম উল্লেখ কৰি স্থানীয় ৰাইজে অাৰক্ষীক অৱগত কৰিছিল সবিশেষ । ইয়াৰ পাছতো আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুন্ন হৈ শুকুৰবাৰে স্থানীয় ৰাইজে কৰিলে পথ অৱৰোধ ।

author img

By

Published : Jun 12, 2020, 6:42 PM IST

কৰিমগঞ্জ, ১২ জুন: হত্যাকাণ্ডৰ এটা সপ্তাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে দোষীক অাটক কৰিবলৈ সক্ষম নহ'ল । আৰক্ষীৰ এই নিৰ্লিপ্ততাত ক্ষুদ্ধ এতিয়া কৰিমগঞ্জ জিলাৰ নিভিয়া অঞ্চলবাসী । সেয়ে আৰক্ষীৰ এই ভূমিকাত অসন্তুষ্ট ৰাইজে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফানাইৰবন্দত অৱৰোধ কৰিলে দুল্লভছড়া-নিভিয়া সংযোগী গড়কাপ্তানী পথ ।

হত্যাকাৰীক আটকৰ দাবীৰে কৰিমগঞ্জৰ নিভিয়াত পথ অৱৰোধ

উল্লেখ্য যে নন্দা ৰাণী নমসূদ্ৰ নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হৈ থকাৰ অন্তত ৪জুন তাৰিখে স্থানীয় এখন চাহ বাগিচা এলেকাত বিবস্ত্ৰা তথা মৃত অৱস্থাত প্ৰতক্ষ্য কৰে স্থানীয় ৰাইজে । এই ঘটণাৰ লগত এজন স্থানীয় যুৱক জড়িতৰ সন্দেহত আৰক্ষীক ৰাইজে অৱগত কৰে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে আটক নকৰিলে যুৱকজনক । ঘটণাৰ সবিশেষ স্থানীয় বিধায়ককো অৱগত কৰাৰ কথা জানিবলৈ দি শীঘ্ৰেই হত্যাকাৰীক আটকৰ দাবি জনালে শুকুৰবাৰে পথ অৱৰোধ কৰা ক্ষুদ্ধ ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.