কৰিমগঞ্জ,10 এপ্ৰিলঃ কৰিমগঞ্জ আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ভয়াৰ্ত জনতাক আশ্বাস প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিমগঞ্জ আৰক্ষীৰ ৷ ৰাজ্যত চলি থকা নিমাওমাও পৰিৱেশৰ মাজতে কৰিমগঞ্জ আৰক্ষীয়ে ৰাজপথত গান গাই আশ্বস্ত কৰে ৰাইজক ৷ লক ডাউনৰ সময়চোৱাত সকলো লোকে যাতে ঘৰত থাকে আৰু আৰক্ষীয়ে জন সাধাৰণক সুৰক্ষা প্ৰদান কৰিব পাৰে,সেই উদ্দেশ্য আগত ৰাখি কৰিমগঞ্জ আৰক্ষীৰ এটা বৃহৎ দলে গান গাই ঘৰত থকা লোকসকলক আশ্বস্ত কৰে ৷ ইফালে, ঘৰত থকা লোকসকলে আৰক্ষীৰ এই পদক্ষেপৰ বাবে হাত চাপৰি বজাই আৰু ম’বাইলৰ লাইট জ্বলাই উৎসাহিত কৰে ৷
লগতে চাওকঃ লক ডাউনঃ কাইলৈৰ পৰা গুৱাহাটীত উপলব্ধ হ'ব মাছ