কৰিমগঞ্জ, ২ এপ্ৰিলঃ যোৱা ৬ এপ্ৰিলত হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড । কাইদূল আলম বৰভূঞাৰ ঘৰৰ পৰা সোণৰ আ-অলংকাৰৰ সহ প্ৰায় ৩০ লাখ টকা ডকাইতি সংঘটিত কৰিছিল ১৬ জনীয়া ডকাইতৰ এটা বৃহৎ গেঙে । ঘৰৰ গৰাকীৰ মূৰত বন্দুক টোৱাই গৃস্থৰ ডি আই গাড়ীৰেই চন্দুক তুলি নিছিল ডকাইতৰ দলটোৱে । লোহাৰ চন্দুকৰ লগতে সোণৰ অলংকাৰৰ আৰু এটা মোবাইল ফোন লৈ গৈছিল দলটোৱে । অৱশ্যে সেই ফোনতে ছিম সলনি কৰি লগোৱাৰ লগে লগে আলগাপুৰ আৰক্ষীয়ে লাভ কৰে টাৱাৰ ল'কেশ্বন । সেই সূত্ৰেই বুধবাৰে নিশা ৫ টা কৈ ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আলগাপুৰ আৰক্ষীয়ে ।
আৰক্ষীৰ তদন্তৰ পিচত লোহাৰ চন্দুকটো কৰিমগঞ্জৰ বেডাজালৰ পৰা বিয়লি কৰিমগঞ্জ আৰক্ষী, আলগাপুৰ আৰক্ষী, লালা আৰক্ষীয়ে পানী মেটেকাৰ পৰা ক্ৰেন লগাই উদ্ধাৰ কৰে । অৱশ্যে চন্দুকটোৰ ভিতৰত নাছিল একো বস্তু । জানিব পৰা মতে কৰিমগঞ্জৰ কালীগঞ্জ আৰু নিলামবজাৰ এলেকাৰ কেইবাটাও ডকাইত এই কাণ্ডত জড়িত আছিল । বৰ্তমানো গেং টোৰ কেবাজনো ডকাইত পলাতক অৱস্থাত আছে । আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷