ETV Bharat / state

পাথাৰকান্দিত চুৰি হোৱা বাইকসহ দুই চোৰ আটক - কৰিমগঞ্জ আৰক্ষী

পাথাৰকান্দি আৰক্ষীৰ জালত গভাইত বাইক চোৰ । ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কেউটি গাঁৱত অভিযান চলাই আৰক্ষীয়ে আটক কৰে দুই বাইক চোৰক । এই অভিযানত আৰক্ষীয়ে তিনিখন চুৰি হোৱা বাইক জব্দ কৰে ।

Karimganj police arrested two bike thief
পাথাৰকান্দিত চুৰি হোৱা বাইকসহ দুই চোৰ আটক
author img

By

Published : Aug 12, 2021, 12:38 PM IST

কৰিমগঞ্জ, ১২ আগষ্ট : কৰিমগঞ্জত আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰৰ দুই সদস্য । বুধবাৰে আৰক্ষীয়ে আটক কৰে বদৰুল হক আৰু জুবেৰ আহমেদ নামৰ চোৰ দুটাক । গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীৰ এটা দলে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কেউটি গাঁৱত অভিযান চলায় । আৰক্ষীয়ে প্ৰথমতে বদৰুল হকৰ ঘৰত অভিযান চলাই চুৰি হোৱা দুখন বাইক জব্দ কৰে আৰু বদৰুল হকক আটক কৰে ।

ইয়াৰ পিছতে বদৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত জুবেৰ আহমেদ নামৰ আন এজন যুৱকৰ ঘৰত অভিযান চলায় । এই অভিযান কালত আৰক্ষীয়ে চুৰি হোৱা এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় । চুৰি হোৱা বাইক জব্দ হোৱাৰ পাছতে আৰক্ষীয়ে জুবেৰ আহমেদকো আটক কৰে । বাইকৰ বিভিন্ন পাৰ্টছ খুলিবলৈ ব্যৱহৃত হোৱা বহু যন্ত্ৰ-পাতি চোৰ দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ।

উল্লেখ্য যে, ধৃত যুৱক দুজনৰ নামত বৰাক উপত্যকাৰ বিভিন্ন থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে । দুয়োটা চোৰ বাইক চুৰি চক্ৰৰ অন্যতম সদস্য ।

চুৰি কৰা বাইকৰ বিভিন্ন পাৰ্টছ খুলি বাংলাদেশলৈ সৰবৰাহ কৰে এই চক্ৰটোৱে । আৰক্ষীয়ে বৰ্তমান চোৰ দুটাৰ জেৰা অব্যাহত ৰাখিছে । লগতে এই বাইক চুৰি চক্ৰৰে জড়িত আন লোকসকলকো কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । শীঘ্ৰেই এই বাইক চুৰি চক্ৰটোৰে জড়িত আন বহু লোক জালত পৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: কণমানি কুমকুম পেগুৰ অপহৰণৰ আঁৰত কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.