কৰিমগঞ্জ,28 ফেব্ৰুৱাৰী: কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত সৰহবৰাহকাৰী ৷ দুগৰাকী মহিলাৰ লগতে তাজ উদ্দিন নামৰ এজন ব্যক্তিক আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷
গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকী মিজোৰামৰ বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ধৃত তাজ উদ্দিনৰ ঘৰৰ পৰা 10 হাজাৰৰো অধিক ইয়াবা টেবলেট উদ্ধাৰ হৈছে ৷ টেবলেট সমূহ মিজোৰামৰ পৰা চাম্পাই হৈ কৰিমগঞ্জলৈ লৈ অনা হৈছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, অভিযুক্তই একোটা টেবলেটৰ দাম 15/16 টকা বুলি দাবী কৰিলেও প্ৰতিটো টেবলেটৰ মূল্য 100 ৰো অধিক ৷
কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে কয় যে, গুৱাহাটীৰ পৰা লোহাৰ ৰ’ড ভৰ্তি ট্ৰাক চুৰি কৰি তাজ উদ্দিনে নিজৰ ঘৰত লুকুৱাই ৰাখিছিল ৷ গুৱাহাটী আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযানত ৰ’ডসমূহ উদ্ধাৰ হোৱাৰ পাছতো বিশেষ কাৰণত গ্ৰেপ্তাৰ হোৱা নাছিল তাজ ৷ অৱশেষত ড্ৰাগছৰ গোচৰত তাজ কৰিমগঞ্জ আৰক্ষীৰ জালত পৰে ৷
লগতে পঢ়ক: কলগাছিয়াৰ ৰামপুৰত তালিবানী ঘটনাৰ প্ৰতিফলন !