কৰিমগঞ্জ,1 ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পাথাৰকান্দিৰ উনাম গাঁৱতো উদযাপন কৰা হৈছে 83 সংখ্যক ৰাস মহোৎসৱ ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ উল্লেখ্য যে,বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত ৰাস মহোৎসৱ হৈছে সৰ্বাধিক জনপ্ৰিয় ৷
উনাম গাঁৱৰ সমান্তৰালকৈ পাথাৰকান্দি সমষ্টিৰ মন্ত্ৰীগ্ৰাম আৰু শিবেৰগুলটো পালন কৰা হৈছে ৰাস মহোৎসৱ ৷ যদিও এইবেলি কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ বছৰৰ তুলনাত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে এই মহোৎসৱ ৷
লগতে পঢ়ক-নলবাৰীৰ ৮৭তম ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ