কৰিমগঞ্জ, 13 অক্টোবৰঃ কৰিমগঞ্জৰ বান্দৰকোনা গাঁও পঞ্চায়তত নজীৰবিহীন ঘটনা ৷ চৰকাৰী নতুন নিৰ্দেশ অনুসৰি তৃতীয় সন্তানৰ জন্ম হোৱাৰ বাবেই সভাপতিৰ পদ কৰ্তন হ’ল কৰিমগঞ্জৰ বান্দৰকোনা গাঁও পঞ্চায়তৰ সভাপতি মতিউৰ ৰহমানৰ । ৰাইজৰ অভিযোগৰ ভিত্তিত অপসাৰিত কৰা হয় মতিউৰ ৰহমানক । এতিয়া জিলাধিপতিৰ নিৰ্দেশত বান্দৰকোনা গাঁও পঞ্চায়তৰ নতুন সভাপতি হৈছে পঞ্চায়তৰ উপ সভানেত্ৰী ৰীনা বেগম । উল্লেখযোগ্য যে, মতিউৰ ৰহমান আৰু ৰীনা দুয়োগৰাকী কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল ।
বিগত 27 ফেব্ৰুৱাৰীত তৃতীয় সন্তান জন্ম দিয়ে মতিউৰ ৰহমানৰ পত্নী ইস্মেতাৰা বেগমে ৷ যোৱা ছেপ্তেম্বৰ মাহত মতিউৰ ৰহমানৰ বিৰুদ্ধে তৃতীয় সন্তানৰ যাৱতীয় নথিপত্ৰ সংগ্ৰহ কৰি পঞ্চায়ত আইন 2018 সংশোধনীৰ 111 (2)(এ) ধাৰা মতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল কৰিমগঞ্জৰ অৱসৰপ্ৰাপ্ত জিলা উপায়ুক্ত এমএছ মনিভান্ননৰক ।
সেই মৰ্মে বিগত 16 ছেপ্টেম্বৰত ধাৰা নম্বৰ কে ডি বি 29/পিই/19-14 মতে সভাপতি মতিউৰ ৰহমানকে কৈফয়ৎ তলৱ কৰা হয় ৷ কিন্তু এই ক্ষেত্ৰত গাওঁ পঞ্চায়ত সভাপতি গৰাকীয়ে কোনো উত্তৰ দিবলৈ সক্ষম নহ’ল । অৱশেষত নতুন জিলা উপায়ুক্ত গৰাকীয়ে নতুন পঞ্চায়ত আইনৰ সংশোধনী 111 (2)(এ) ধাৰা মতে কেডিবি 29/পিই/2019-15 নম্বৰৰ নিৰ্দেশত বান্দৰকোনা গাওঁ পঞ্চায়তৰ সভাপতি মতিউৰ ৰহমানক অব্যাহতি দিয়ে । ইয়াৰ পিছতে জিলাধিপতিয়ে প্ৰেৰণ কৰা পত্ৰ অনুসৰি ৰীনা বেগমক পঞ্চায়তৰ নতুন সভানেত্ৰী বাচনি কৰা হয় ৷