ETV Bharat / state

কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া - লংগাই নৈৰ ভয়ংকৰ গৰা খহনীয়া

লংগাইৰ নৈৰ বুকুত নিশ্চিহ্ন হ’ল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাইমুখৰ এটা ব্য়স্ত পথ ৷ ফলত ছেবৰা, পুটিমাৰা, মেদা, কাটাগ্ৰাম, লামা বাহাদুৰপুৰ, দিঘলবাগ, গান্ধাইমুখ আদি গাঁৱৰ প্ৰায় চাৰি হাজাৰ লোকৰ যাতায়ত বিছিন্ন ৷

karimganj longai river erision in gandhaimukh
কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া
author img

By

Published : Jun 6, 2021, 10:03 PM IST

কৰিমগঞ্জ, 6 জুন : কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰা খহনীয়া । লংগাইৰ নৈৰ বুকুত নিশ্চিহ্ন হ’ল কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰষা এটা অতি গুৰুত্বপূৰ্ণ পথ । জানিব পৰা মতে, কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাইমুখ গাঁৱত লংগাই নৈৰ খহনীয়াৰ কৱলত পৰি জাহ গৈছে এটা পকী পথ ।

ব্যস্ত পথছোৱাৰ খহনীয়াগ্ৰস্ত প্ৰায় তিনিশ মিটাৰ অংশ মেৰামতি নোহোৱাৰ পূৰ্বেই শনিবাৰে পুৰণা খহনীয়া অংশৰ পৰা প্ৰায় দুশ মিটাৰ নিলগত পুনৰ খহিল আৰু দুশ মিটাৰ অংশ । যাৰ ফলত ছেবৰা, পুটিমাৰা, মেদা, কাটাগ্ৰাম, লামা বাহাদুৰপুৰ, দিঘলবাগ, গান্ধাইমুখ আদি গাঁৱৰ প্ৰায় চাৰি হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ পথটো খহনীয়াৰ কৱলত পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।

কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া

এই পথেৰে বৰ্তমানে খোজকাঢ়ি পাৰ হোৱাটো বিপজ্জনক হৈ পৰিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । চৰকাৰে বিদ্যালয়সমূহ খুলিলে যাতায়তৰ ক্ষেত্ৰত বিপদত পৰিব ছাত্ৰ ছাত্ৰী সকল । পুৰণা খহনীয়া মেৰামতিৰ দাবী পূৰণ নোহোৱাৰ আগতেই পুনৰবাৰ খহনীয়াৰ কৱলত পৰি যোগাযোগ বিচ্ছিন্ন হৈ বৰ্তমানে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বৃহত্তৰ এলেকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে । সেয়ে ভুক্তভোগী ৰাইজে চৰকাৰক অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৷

লগতে পঢ়ক : হোজাই জিলাৰ কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.