ETV Bharat / state

পুনৰ উত্তপ্ত কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিচা - হাতিখীৰা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

পুনৰ উত্তপ্ত হৈ পৰিল কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিচা ৷ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীত বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিক সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

AS_KRJ_hatikhrita-tea-estate-workers-protest_vis_ASC10028
পুনৰ উত্তপ্ত কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিচা
author img

By

Published : Feb 1, 2021, 3:50 PM IST

কৰিমগঞ্জ, 1 ফেব্ৰুৱাৰী: হাজিৰা বৃদ্ধিৰ দাবীত কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিচাত উত্তাল প্ৰতিবাদ ৷ কৰ্তৃপক্ষৰ বিৰুদ্ধে কথা দি কথা নৰখাৰ অভিযোগ বাগিচাখনৰ শ্ৰমিকসকলৰ ৷ 2020 চনতো প্ৰায় 6 মাহৰ বাবে বাগিচাখনত বন্ধ হৈ আছিল কাম-কাজ ৷ অৱশেষত ৰাজ্যপাল জগদীশ মুখীৰ হস্তক্ষেপৰ অন্তত পুনৰ কাৰ্যক্ষম হৈছিল বাগিচাখন ৷ সেই সময়তেই শ্ৰমিক সকলক প্ৰতিশ্ৰুতি দিছিল যে, 6 মাহ পিছত শ্ৰমিকৰ হাজিৰা 100 টকাৰ বিপৰীতে 150 টকা কৰি দিয়া হ’ব । কিন্তু 6 মাহ উকলি যোৱাৰ পিচতো বাগিচাখনৰ শ্ৰমিকসকলে লাভ নকৰিলে 150 টকা হাজিৰা ৷

পুনৰ উত্তপ্ত কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিচা

কৰ্তৃপক্ষৰ এই হেমাহিৰ বিৰুদ্ধে 31 জানুৱাৰীৰ পৰা পুনৰ প্ৰতিবাদ বহিছে বাগিচা কৰ্মচাৰী ৷ দেওবাৰে নিশা কাৰখানাৰ সম্মুখত হাজিৰা বৃদ্ধিৰ দাবীত শ্ৰমিক সকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছত সোমবাৰে পুনৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলা শ্ৰমিকে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় ৷ উল্লেখ্য যে, হাতিখীৰা চাহ বাগিচাত প্ৰায় পাঁচ শতাধিক স্থায়ী শ্ৰমিকৰ সমান্তৰালকৈ দুই শতাধিক অস্থায়ী শ্ৰমিক আছে । বাগিচা কৰ্তৃপক্ষৰ শোষণৰ ফলত দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে শ্ৰমিক সকলৰ পৰিয়ালে । কৰ্তৃপক্ষই প্ৰদান কৰা সময়সীমা অতিক্ৰমৰ অন্তত কৰ্তৃপক্ষৰ সৈতে হাজিৰা প্ৰদানৰ বিষয়ে আলোচনা কৰি ব্যৰ্থ হৈ অৱশেষত প্ৰতিবাদৰ পথ বাছি লবলৈ বাধ্য হৈছে শ্ৰমিক সকলে ।

লগতে পঢ়ক-সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.