ETV Bharat / state

কৰিমগঞ্জত ভূ-মাফিয়াৰ দপদপনি

author img

By

Published : Nov 13, 2020, 1:45 PM IST

কৰিমগঞ্জৰ চৰকাৰী কাৰ্যালয়ত ভূ-মাফিয়াৰ দপদপনি ৷ টকা নিদিলে কাম নকৰে জিলাখনৰ দুটাকৈ বিয়াগোম বিভাগে ৷ ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে ভুক্তভোগীয়ে ৷

karimganj-government-department-under-the-influence-of-land-mafia
বিয়াগোম চৰকাৰী বিভাগৰ ছত্ৰছায়াত কৰিমগঞ্জত ভূ-মাফিয়াৰ দপদপনি

কৰিমগঞ্জ, 13 নৱেম্বৰ : কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলা উপ নিবন্ধকৰ কাৰ্যালয়ৰ এচাম বিষয়াৰ মইমতালিত ভূ-মাফিয়াই জিলাখনত দপদপনি চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি,এগৰাকী লোকৰ ভূমি কাৰ্যালয়ৰ বিষয়াই আন এগৰাকী ব্যক্তিৰ নামত তথ্যৰ সত্যসত্যতা বিচাৰ নকৰাকৈ নামজাৰি কৰি দিয়ে বুলি জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগীয়ে উক্ত বিষয়ক লৈ আদালতৰ কাষ চাপিছে ৷

ইফালে,কাৰ্যালয় দুটাৰ বিৰুদ্ধে পূৰ্বৰ পৰাই আছে আন বহুতো অভিযোগ ৷ কিয়নো,কাৰ্যালয় দুটাৰ দালালৰ বাবে সৰ্বসাধাৰণ ৰাইজে কামৰ বাবে টকা ভৰিব লগা হয় ৷ এটুকৰা মাটি নামজাৰী কৰিব লগা হ'লে চৰকাৰী মতে 500ৰ পৰা 1000 টকা জমা দিব লাগে যদিও দালালক দিব লাগে 18 ৰ পৰা 20 হেজাৰ টকা । যাৰবাবে বৰ্তমান ভুক্তভোগী ৰাইজে বিষয়টো সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে ৷

লগতে পঢ়ক : শিলঘাট সমবায় মৰাপাট কললৈ ৰাজ্য চৰকাৰৰ 10 কোটি টকাৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.