ETV Bharat / state

স্বাধীনতা সংগ্ৰামী আব্দুল কাদিৰ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন

author img

By

Published : Aug 10, 2020, 2:08 PM IST

উল্লেখ্য যে, ১৯৪২ চনৰ 8 আগষ্টৰ মাজ নিশা বম্বে কংগ্ৰেছৰ অধিবেশনত গৃহীত হৈছিল ভাৰত ত্যাগ প্ৰস্তাৱ । 9 আগষ্টৰ কাহিলীপুৱাতে ইয়াৰ বাদা ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হৈছিল মহাত্মা গান্ধী। সেই সময়ৰ অবিভক্ত ছিলেট জিলাতো বিয়পি পৰিছিল ভাৰত ত্যাগ আন্দোলনৰ গৰম বতাহ। সেই সময়ৰ ছিলেট জিলাৰ কৰিমগঞ্জ মহকুমাত আন্দোলনত জপিয়াই পৰে আব্দুল কাদিৰ সহ আৰু বহু স্বাধীনতা সংগ্ৰামী। ইংৰাজ চৰকাৰৰ আৰক্ষীৰ লাঠিৰ কোব খাই দেশ স্বাধীনৰ সপোন দেখিছিল আব্দুল কাদিৰ সহ কৰিমগঞ্জৰ বহু লোকে । কাৰাবাস পৰ্যন্ত খাতিছিল সংগ্ৰামী আব্দুল কাদিৰসহ সংগ্ৰামীসকলে ৷

KARIMGANJ
স্বাধীনতা সংগ্ৰামী আব্দুল কাদিৰ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন

কৰিমগঞ্জ, 10 আগষ্টঃ 105 বছৰীয়া প্ৰবীণ স্বাধীনতা সংগ্ৰামী আব্দুল কাদিৰ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কুমাৰ লস্কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰেৰণ কৰা এক অংগ বস্ত্ৰ আৰু এখন প্ৰশংসা পত্ৰ অৰ্পণ কৰা হয় প্ৰবীণ মুক্তি যোদ্ধাগৰাকীক। আজি দেশজুৰি পালন হোৱা "ভাৰত ত্যাগ দিৱসৰ" অংগ হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয় মুক্তি যুঁজাৰুগৰাকীক।

উল্লেখ্য যে,১৯৪২ চনৰ 8 আগষ্টৰ মাজ নিশা বম্বে কংগ্ৰেছৰ অধিবেশনত গৃহীত হৈছিল ভাৰত ত্যাগ প্ৰস্তাৱ । 9 আগষ্টৰ কাহিলীপুৱাতে ইয়াৰ বাদা ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হৈছিল মহাত্মা গান্ধী। সেই সময়ৰ অবিভক্ত ছিলেট জিলাতো বিয়পি পৰিছিল ভাৰত ত্যাগ আন্দোলনৰ গৰম বতাহ। সেই সময়ৰ ছিলেট জিলাৰ কৰিমগঞ্জ মহকুমাত আন্দোলনত জপিয়াই পৰে আব্দুল কাদিৰসহ আৰু বহু স্বাধীনতা সংগ্ৰামী। ইংৰাজ চৰকাৰৰ আৰক্ষীৰ লাঠিৰ কোব খাই দেশ স্বাধীনৰ সপোন দেখিছিল আব্দুল কাদিৰ সহ কৰিমগঞ্জৰ বহু লোকে । কাৰাবাস পৰ্যন্ত খাতিছিল সংগ্ৰামী আব্দুল কাদিৰসহ সংগ্ৰামীসকলে ৷

লগতে পঢ়কঃ অসম চৰকাৰৰ নিৰ্দেশনাক লৈ ক্ষোভিত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ জেললৈ গৈছিল আব্দুল কাদিৰ । আজি দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰ হ'ল। বহু উত্থান-পতন ঘটিল যদিও তেখেত সকলে আশা কৰা ধৰণে দেশ স্বাধীন নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰে সংগ্ৰামীগৰাকীয়ে । তেওঁ জানিবলৈ দিয়ে যে সেই সময়ত,দেশ স্বাধীন কৰাৰ সময়ত ধৰ্মক লৈ কোনো ভেদা-ভেদ নাছিল। হিন্দু,মুছলিম,খীষ্টান,বৌদ্ধ সকলো ধৰ্মৰ লোকে একেলগে যুঁজিছিল আৰু দেশৰ বাবে তেজ দিছিল। দেশখন স্বাধীন কৰি শান্তি সম্প্ৰীতিৰে যাতে সকলোৱে থাকিব পাৰে তাৰেই তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। লগতে দেশ আৰু জনসাধাৰণৰ উন্নয়ন হকে আন্দোলন কৰিছিল ।

উল্লেখ্য যে, দেশৰ ৭৪ তম স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ভাৰত ত্যাগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ পৰা এই সন্মান লাভ কৰাত আনন্দিত আব্দুল কাদিৰ চৌধুৰী। ৰাষ্ট্ৰপতি আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে মুক্তি যোদ্ধাগৰাকীয়ে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.