কৰিমগঞ্জ, 19 ছেপ্তেম্বৰঃশিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে অহা 21 ছেপ্তেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব বিদ্যালয়সমূহৰ পাঠদান ৷ বিদ্যালয়সমূহ আৰম্ভ হোৱাৰ পূৰ্বে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জৰ বিদ্যালয়সমূহতো চলিছে ছেনিটাইজেচন প্ৰক্ৰিয়া ৷ শনিবাৰে জিলাখনৰ সমূহ শিক্ষানুষ্ঠানত ছেনিটাইজ কৰি বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ প্ৰাকক্ষণত সাজু কৰি তোলা পৰিলক্ষিত হয় ৷