ETV Bharat / state

বদৰপুৰ বিজেপিৰ দলীয় অন্তৰ্কন্দল - বদৰপুৰ বিজেপিৰ দলীয় অন্তৰ্কন্দল

ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ মাজতে পোহৰলৈ আহিছে বদৰপুৰ সমষ্টিত বিজেপিৰ দলীয় অন্তৰ্কন্দল ৷ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ আগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক উভটি ধৰে দলটোৰ শতাধিক কৰ্মীয়ে ৷

As_kmj_BJP_state_executive_meeting_img_asc10024
বদৰপুৰ বিজেপিৰ দলীয় অন্তৰ্কন্দল
author img

By

Published : Dec 23, 2020, 2:54 PM IST

Updated : Dec 23, 2020, 4:34 PM IST

কৰিমগঞ্জ,23 ডিচেম্বৰ: আজিৰে পৰা কৰিমগঞ্জত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ কাৰ্যনিৰ্বাহকৰ বাবে ইতিমধ্যে বৰাকত আহি উপস্থিত হৈছে দলটোৰ বহু ৰথী-মহাৰথী ৷ কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে বদৰপুৰ সমষ্টিত দলটোৰ অন্তৰ্কন্দল ৷ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ আগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক উভটি ধৰে দলটোৰ শতাধিক কৰ্মীয়ে ৷

বদৰপুৰ বিজেপিৰ দলীয় অন্তৰ্কন্দল

উল্লেখ্য যে, কৰিমগঞ্জৰ এটি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বদৰপুৰ ৷ কেৱল দলীয় কন্দলৰ বাবে আজি পৰ্যন্ত সমষ্টিটোত কোনো বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সমষ্টিটোত সম্ভাব্য প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাই আছে দলটোৰ মুখপাত্ৰ বিশ্বৰূপ ভট্টাচাৰ্যই ৷ যাৰ বিৰোধীতা কৰে দলটোৰ কৰ্মী সকলে ৷ তেওঁলোকৰ দাবী, এইবেলি সমষ্টিটোৰ পৰা নতুন মুখক দিব লাগিব প্ৰৰ্থীত্ব ৷ আনহাতে সভাৰ মাজতে কাজিয়াৰ সূত্ৰপাত হোৱাত সভাপতিগৰাকীয়ে পৰৱৰ্তী সভাত এই সন্দৰ্ভত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক-অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

Last Updated : Dec 23, 2020, 4:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.