ETV Bharat / state

বিধ্বস্ত পথৰ বাবে দুবাৰকৈ ভাগিল এগৰাকী কইনাৰ বিবাহ - MINISTER HIMANTA BISWA SARMAH ON KARIMGANJ ROAD SCAM

কৰিমগঞ্জত গড়কাপ্তানী বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ কৰিমগঞ্জৰ বিজয় নগৰত আনকি পথৰ দুৰৱস্থাৰ বাবে নিজ কন্যাক বিয়া দিবলৈ অক্ষম এগৰাকী মহিলা ৷ বৰ্তমান সাংবাদিকৰ আগত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ উজাৰিছে বিজয় নগৰ গাঁওবাসীয়ে ৷

Karimganj Bijaynagar road scam
কৰিমগঞ্জত বিধ্বস্ত পথৰ বাবে দুবাৰকৈ ভাগিছে এগৰাকী কইনাৰ বিবাহ
author img

By

Published : Dec 16, 2019, 7:26 PM IST

কৰিমগঞ্জ,16 ডিচেম্বৰ: শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ চৰকাৰৰ কাৰ্যকালত উন্নয়নমূলক আঁচনিৰ নামত চলিছে এটাৰ পিছত এটা দুৰ্নীতি। এইবাৰ পথ নথকাৰ বাবে স্বামীহাৰা এজন মহিলাই নিজৰ কন্যাক বিয়া দিবলৈ অক্ষম হৈছে। আচৰিত যদিও এয়াই সত্য। পথৰ দুৰৱস্থাৰ বাবে এইবাৰ নিজ কইনা সন্তানক লৈ বিপাঙত পৰিছে কৰিমগঞ্জৰ বিজয়পুৰ গাঁৱৰ এগৰাকী মহিলা। এবাৰ নহয় বিধস্ত পথৰ বাবে দুবাৰ কৈ ভাঙিছে মহিলাগৰাকীৰ কন্যাৰ বিবাহ।

কৰিমগঞ্জত বিধ্বস্ত পথৰ বাবে দুবাৰকৈ ভাগিছে এগৰাকী কইনাৰ বিবাহ

2017-18 বৰ্ষত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ বিজয়পুৰ আনিপুৰ-জামুয়াং এনইছি ৰাস্তাটো নিৰ্মাণত আৰ্থিক আবন্টন দিয়া হৈছিল 3,69,83,6400 টকা ৷ লগতে পাঁচ বছৰৰ কাৰণে আবন্টন দিয়া হয় 30,26,000,00 ৷ পথটোৰ নিমাৰ্ণৰ বাবে আবন্টন দিয়া হয় সৰ্বমুঠ 4,00,09,640,00 টকা। কিন্তু এতিয়ালৈকে এক টুকুৰা মাটিও পথত দিয়া নাই পথটোৰ নিমাৰ্ণৰ দায়িত্ব লোৱা ঠিকাদাৰ মনচুৰ আহমেদে । এই পথৰ শিলান্যাস কৰিছিল তেতিয়াৰ বিধানসভাৰ উপাধ্যক্ষ তথা বৰ্তমান কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহে । এই বিজয়পুৰ গাঁৱত কেবাহেজাৰ লোক থকাৰ বিপৰীতে এই পথেৰে প্ৰতিদিনেই যাতায়ত কৰিবলগা হয় 5 খন কৈ গাঁওৰ লোকে । নিৰ্বাচন আহিলে ৰাজনৈতিক নেতা সকলে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলেও এটুকুৰা শিলো দিয়া হোৱা নাই এই পথত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে মোকোলাই দিয়া অৰ্থ কাৰ পকেটত সোমাল । যোৱা কিছুদিন পূৰ্বে কৰিমগঞ্জ হাস্পতালৰ নতুন ভৱনৰ উদ্বোধনত আহি ৰাতাবাৰী সমষ্টিৰ পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি হৈছে বুলি ৰাজহুৱা সভাত কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কৈছিল দুৰ্নীতিৰ তদন্তৰ কথাও কিন্তু এতিয়া মৌন হৈ পৰিল গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

বৰ্তমান পথ নিৰ্মাণৰ প্ৰত্যশ্ৰুতি দি নিৰ্বাচন জয়ী হৈ অহা ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে উপায়হীন বিজয়নগৰ গাঁওবাসীয়ে আগন্তক নিৰ্বাচনত ভোট দানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে ৷

লগতে পঢ়ক:অগপৰ নাটকঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সমদল

Intro:পথাৰ সদৃশ পথ।পথৰ বাবে বিয়া দিবলৈ অক্ষম এগৰাকী দুৰ্ভগীয়া মহিলা।সাংসদ কৃপানাথৰ ভূমিকাত ক্ষোভ ৰাতাবাৰীৰ ৰাইজৰ।

Body:শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ মিত্ৰ জোটৰ চৰকাৰৰ কাৰ্যকালত উন্নয়নমূলক আঁচনিৰ নামত চলিছে এটাৰ পিছত এটা দুৰ্নীতি।এইবাৰ পথ নথকাৰ বাবে স্বামীহাৰা এজন মহিলাই নিজৰ কৈনাক বিয়া দিবলৈ অক্ষম হৈছে ।কথাবোৰ আচৰিত লাগিলেও এয়াই সত্য।2017-18 অৰ্থবছৰত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ আনিপুৰ -জামুয়াং এনইছি ৰোড টু বিজয়পুৰ ।এই পথ নিৰ্মাণত আৰ্থিক মঞ্জুৰী দিয়া হৈছিল 3,69,83,6400 লগতে পাঁচ বছৰৰ কাৰণে মঞ্জুৰী দিয়া হয় 30,26,000,00 সৰ্বমুঠ 4,00,09,640,00 টকা।কিন্তু এতিয়া লৈকে এক টুকুৰা মাটিও পথত দিয়া নাই ঠিকাদাৰ মনচুৰ আহমেদে।এই পথৰ শিলান্যাস কৰিছিল তেতিয়াৰ বিধানসভাৰ উপাধ্যক্ষ তথা বৰ্তমান কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ।এই বিজয়পুৰ গাঁওত কেইবাহেজাৰ লোক থকাৰ বিপৰীতে এই পথেৰে প্ৰতিদিনেই যাতায়ত কৰিবলগা হয় 5 খন কৈ গাঁওৰ লোকে।নিৰ্বাচন আহিলে ৰাজনৈতিক নেতা সকলে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলেও এমুঠি শিলও দিয়া হোৱা নাই এই পথত।এতিয়া প্ৰশ্ন উত্থাপন হৈছে মোকোলাই দিয়া অৰ্থ কাৰ পকেটত সোমাল।যোৱা কিছুদিন পূৰ্বে কৰিমগঞ্জ হাস্পাতালৰ নতুন ভৱনৰ উদ্বোধনত আহি ৰাতাবাৰী সমষ্টিৰ পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি হৈছে বুলি ৰাজহুৱা সভাত কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কৈছিল দুৰ্নীতিৰ তদন্তৰ কথাও কিন্তু হঠাতে কিয় মৌন হৈ পৰিল গৰকপ্টানি বিভাগৰ মন্ত্ৰীজন।এইবাৰ নিজ কইনা সন্তানক লৈ বিপাঙত পৰিছে বিজয়পুৰ গাঁওৰ এগৰাকী মহিলা।এবাৰ নহয় বিধস্ত পথৰ বাবে দুবাৰ কৈ কেঞ্চেল হৈছে মহিলাৰ কইনাৰ বিবাহ।

Conclusion:গাঁওৰ ৰাইজে ইটিভি ভাৰতৰ ক্যামেৰাৰ আগত কয় তেওঁলোকে ৰাজনৈতিক নেতা সকলে পথ নিৰ্মাণৰ প্ৰত্যশ্ৰুতি দি ভোট যুদ্ব জিকি আহিছে কিন্তু আগন্তক নিৰ্বাচনত তেওঁলোক ভোট দানৰ পৰা বিৰত থাকিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.