কৰিমগঞ্জ,31অক্টোবৰঃ কৰিমগঞ্জৰ মাদ্ৰাছাত ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাকলৈ সৰৱ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। শুকুৰবাৰে উত্তৰ কৰিমগঞ্জৰ গান্ধাই দাসগ্ৰাম অঞ্চলৰ হিজবুল প্ৰীছিনিয়ৰ মাদ্ৰাছাত পুৱতি নিশা সংঘটিত হৈছিল ৰহস্য জনক অগ্নিকাণ্ডৰ ঘটনা। জ্বলি ভষ্মীভূত হৈছিল মাদ্ৰাছাৰ যাৱতীয় নথি-পত্ৰ।
ইপিনে পুৱতিনিশা প্ৰায় চাৰিমান বজাত স্থানীয় ৰাইজে মাদ্ৰাছাত জুই লাগি থকা দেখি প্ৰথমে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ উপায়ন্তৰ হৈ অৱশেষত খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক। ইপিনে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই মাদ্ৰাছাৰ যাৱতীয় নথিপত্ৰ জ্বলি ভষ্মীভূত হয় ।
উল্লেখযোগ্য যে,মাদ্ৰাছাত বিদ্যুত সংযোগ নাই কাৰণে শ্বৰ্ট ছাৰ্কিটৰ সন্দেহ নাই,সেয়ে কোনো দুষ্কৃতিকাৰীয়ে মাজ নিশা মাদ্ৰাছাত জুই লগাই দিয়াৰ সন্দেহ কৰা হৈছে। আনহাতে শনিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ দাসগ্রামত উপস্থিত হয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ।
লগতে পঢ়কঃ "আলু-পিয়াঁজ" সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী আৰ পি শৰ্মাৰ