কৰিমগঞ্জ, 29 জুন : চলিত বছৰটোত কেইবাটাও প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে অসম । দুটাকৈ বানত একপ্ৰকাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাই ক্ষতিগ্ৰস্ত হৈছে । এতিয়াও বিভিন্ন জিলাত বানৰ পৰা মুক্ত হ'ব পৰা নাই ৰাইজ (Flood situation in Assam)। হাজাৰ হাজাৰ লোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে ।
![Jayanta Malla Baruah visits flood affected area of Karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15693252_f.jpg)
ইয়াৰ মাজতে বানাক্ৰান্ত সকলৰ খবৰ ল'বলৈ প্ৰায় প্ৰতিদিনে বিভিন্ন জিলালৈ গৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visits flood affected area)। বানাক্ৰান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ নিজে যোৱাৰ লগতে অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীক বিভিন্ন জিলালৈ গৈ বানাক্ৰান্তৰ খবৰ ল'বলৈ নিৰ্দেশ দিছে ।
![Jayanta Malla Baruah visits flood affected area of Karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15693252_ef.jpg)
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কৰিমগঞ্জত উপস্থিত হয় অসম চৰকাৰৰ পৰ্যটন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah visits flood affected area of Karimganj)৷ ইফালে, কৰিমগঞ্জত উপস্থিত হৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ৯ জুলাইৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জৰ জিলা প্ৰশাসক মৃদুল যাদৱক বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ এখন তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷
ইতিমধ্যে কৰিমগঞ্জ জিলাত সৰ্বমুঠ ৫৩৫ খন গাঁৱৰ ৰাইজ বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে । ইফালে, বানৰ কৱলত পৰা লোকসকলক সঠিক পৰিমাণে খাদ্য সামগ্ৰীৰ লগতে অন্য সা-সুবিধা প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ৷
লগতে পঢ়ক : কামপুৰত বান শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ