কৰিমগঞ্জ, 26 ছেপ্তেম্বৰঃ কৰিমগঞ্জত অচিন পোকৰ আক্ৰমণত বিনষ্ট হৈছে হাজাৰ হাজাৰ বিঘা ধাননি ৷ অচিনাক্ত এই পোকবিধে ক্ৰমাৎ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে জিলাখনৰ কৃষকসকলৰ মাজত ৷ কীটনাশক ছটিওৱাৰ পিছতো পোকসমূহৰ পৰা পৰিত্ৰাণ লাভ নকৰাৰ অভিযোগ দুৰ্ভগীয়া কৃষকৰ ৷ প্ৰতিবিঘা মাটিত প্ৰায় 5 হাজাৰ টকা পৰ্যন্ত খৰচ হয় ৷ কিন্তু পোকৰ আক্ৰমণৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকল ৷ আনহাতে, এই সমস্যা সমাধানৰ ক্ষোত্ৰত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে দৰিদ্ৰ কৃষকসকল ৷
লগতে পঢ়ক-কৰিমগঞ্জত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ