ETV Bharat / state

কৰিমগঞ্জ আৰক্ষীৰ জালত বন মাফিয়া মিলি - পলাতক

কুখ্যাত বন মাফিয়া মিলি ওৰফে সাহাবুল ইছলামক আটক কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষী ৷ জিলাখনৰ পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিনৰ পৰা অবাধ ৰাজত্ব চলাই থকা সাহাবুলে বনাঞ্চলখনৰ গছ কাটি কাঠৰ চোৰাং সৰবৰাহ কৰি আহিছিল ৷

infamous-forest-mafia-mili-aka-sahabul-arrested-by-karimganj-police-
আৰক্ষীৰ জালত পৰিল কুখ্যাত বন মাফিয়া মিলি ওৰফে সাহাবুল ইছলাম
author img

By

Published : Jun 16, 2021, 1:18 PM IST

কৰিমগঞ্জ, 16 জুন : কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিল কুখ্যাত বন মাফিয়া । কৰিমগঞ্জৰ পাথাৰিয়া সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিনৰ পৰা ত্ৰাসৰ সৃষ্টি কৰি ৰাজত্ব চলাই অহা এই বন মাফিয়াটোৰ নাম মিলি ওৰফে সাহাবুল ইছলাম । সংৰক্ষিত বনাঞ্চলৰ গছ কাটি দীৰ্ঘসময়ৰ বাবে নিৰ্বিচাৰে কাঠৰ চোৰাং সৰবৰাহ(illegal trafficking of woods) কৰি আহিছিল ধৃত সাহাবুল ইছলামে ।

কৰিমগঞ্জ আৰক্ষীৰ জালত বন মাফিয়া মিলি

উল্লেখযোগ্য যে, বিগত এবছৰ পূৰ্বে বন বিভাগে বন মাফিয়া সাহাবুলৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷ পৰৱৰ্তী সময়ত বন বিভাগক প্ৰত্যহ্বান জনাই প্ৰায় প্ৰতিদিনে বনাঞ্চলৰ পৰা গছ কাটি অবৈধ সৰবৰাহ চলাই গৈছিল ধৃত সাহাবুলে ৷ শেহতীয়াকৈ আৰক্ষীয়ে সাহাবুলৰ সন্ধানত অভিযান চলাই আছিল যদিও পলাতক অৱস্থাত আছিল বন মাফিয়া মিলি ।

অৱশেষত মঙলবাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পাথাৰকান্দি আৰক্ষীয়ে সাহাবুলক লক্ষীপুৰৰ ঘৰৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.