কৰিমগঞ্জ, 17 ফেব্ৰুৱাৰী: অতি শীঘ্ৰে ভাৰত-বাংলাদেশ সীমান্তত হ'ব বিশেষ বজাৰ । বজাৰখনকলৈ দুয়োখন দেশৰ চৰকাৰৰ মাজত বৃদ্ধি হৈছে তৎপৰতা । ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি দুয়োখন দেশৰ সীমান্তত হ'ব জইন্ট হাট অৰ্থাৎ যৌথ বজাৰ । এফালে থাকিব ভাৰতৰ খাদ্য-সামগ্ৰী আন ফালে থাকিব বাংলাদেশত প্ৰস্তুত হোৱা বিভিন্ন সামগ্ৰী ।
ভাৰতৰ নাগৰিকে গৈ সেই বিশেষ বজাৰৰ পৰা বাংলাদেশৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব লগতে বাংলাদেশৰ গ্ৰাহককো ভাৰতৰ ব্যৱসায়ীয়ে বিক্ৰী কৰিব পাৰিব সামগ্ৰী । সীমান্তৰ বজাৰখনৰ বাবে ইতিমধ্যে যো-জা আৰম্ভ হৈছে । ভাৰত আৰু বাংলাদেশৰ চৰকাৰৰ প্ৰতিনিধিও কেইবালানী বৈঠকত ইতিমধ্যে মিলিত হৈছে । ইয়াৰ মাজতে ইটিভি ভাৰতৰ হাতত পৰিছে এটা বিশেষ ভিডিঅ' । ভিডিঅ'টো বাংলাদেশৰ বিয়ানীবজাৰ এলেকাৰ । য'ত দুয়োখন দেশৰ প্ৰতিনিধিয়ে বজাৰৰ ভূমি নিৰ্ধাৰণৰ বাবে বৈঠকত মিলিত হৈছে ।
ভাৰতৰ হৈ এই বৈঠকত উপস্থিত থাকে কৰিমগঞ্জৰ অতিৰিক্ত জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দেৱসহ কেইবাগৰাকী ব্যক্তি । অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জনোৱা মতে বজাৰখনৰ বাবে কৰিমগঞ্জৰ সীমান্তৰ কুৰিখালা অঞ্চলৰ কিছু ভূমি দিয়া হৈছে । বাংলাদেশৰ ফালৰ পৰাও মুৰিয়া অঞ্চলত মাটি নিৰ্ধাৰণ কৰি দিয়া হৈছে ।
অৰ্থাৎ কুৰিখালা আৰু মুৰিয়াৰ মাজত হ'ব এই ঐতিহাসিক বজাৰ খন । ইফালে এই সীমান্তৰ বজাৰ খনৰ পৰা যথেষ্ট পৰিমাণে লাভাৱান্বিত হ'ব অসম লগতে ভাৰতৰ কৃষক তথা ব্যৱসায়ীসকল । দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু বেছি সুদৃঢ় হোৱাৰ লগতে বাণিজ্যিক, অৰ্থনৈতিক,সামাজিক দিশতো যথেষ্ট পৰিমাণে উন্নতি হ'ব বুলি আশা কৰিছে বিভিন্নজনে । ইফালে কৰিমগঞ্জৰ উপায়ুক্ত আনবামুথান এমপিয়ে আশা কৰা মতে অতি শীঘ্ৰে আৰম্ভ হ'ব এই সীমান্ত বজাৰ ।
কৰিমগঞ্জ জিলাৰ অন্তৰ্গত বাংলাদেশ সীমান্তত বজাৰ আৰম্ভ হোৱাৰ খবৰ পোৱাৰ লগে লগে এতিয়া জিলাখনৰ নাগৰিকৰ মনতো তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে । লগতে সকলোৱে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ।
লগতে পঢ়ক-পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া