কৰিমগঞ্জ, 19 ছেপ্তেম্বৰ: ধোৱা চাঙত এতিয়া ৰাজ্যৰ জনসিঞ্চন বিভাগ ৷ কৃষকৰ সহায়ৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰে প্ৰকল্প নিৰ্মাণ কৰি আহিছে যদিও সেয়া যেন একো একোখন ভেকোঁভাওনাহে ৷ তেনে এক উদাহৰণেই পোহৰলৈ আহিছে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ওয়াঙ্গীৰবন্দ অঞ্চলৰ এটি অৰ্ধনিৰ্মিত জলসিঞ্চন প্ৰকল্পত ৷ প্ৰায় দহ বছৰ পূৰ্বে তাহানিৰ বিজেপি বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা শম্ভূ সিং মাল্লাহ নেতৃত্বাধীন সমষ্টিৰ ওয়াঙ্গীৰবন্দ অঞ্চলটোৰ কৃষকৰ সুবিধাৰ্থে নিৰ্মাণ আৰম্ভ হৈছিল সাত কোটি টকাৰ এক জলসিঞ্চন প্ৰকল্প । কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল জনসিঞ্চন বিভাগৰ এক আঁচনিৰ অন্তৰ্গত প্ৰকল্পটোৰ কাম । অৰ্ধ নিৰ্মিত এই প্ৰকল্প বৰ্তমান সোমাই আছে ঘন জংঘলৰ মাজত ৷ ফলত জলসিঞ্চন বিভাগৰ এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ল অঞ্চলটোৰ কৃষিজীৱী লোকসকল ।
এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে অঞ্চলটোৰ কৃষকসকল বহু পৰিমাণে উপকৃত হ’লহেতেন । সেয়েহে ৰাজ্যৰ জনসিঞ্চন বিভাগে এই অৰ্ধনিৰ্মিত প্ৰকল্পটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰি স্থানীয় কৃষক সকলক সহায় কৰিবলৈ আহ্বান জনাইছে সমষ্টি বাসীয়ে ৷