ETV Bharat / state

বাঁহ ফুলৰ চাউল,বিস্কুট খাই পাইছে নে কেতিয়াবা ? - ত্ৰিপুৰাৰ বাণিজ্য দপ্তৰ

এতিয়া বিজ্ঞান প্ৰযুক্তিৰ যুগ,গতিকে অসম্ভৱকো সম্ভৱ কৰি তুলিছে বিজ্ঞানে,যি বাঁহ ফুলিলে এসময়ত দেশত দুৰ্ভিক্ষ হয় বুলি কৈছিল আমাৰ পূৰ্ব পুৰুষসকলে সেই বাঁহ ফুলেই এতিয়া ধন আহৰণৰ উৎস হিচাপে পৰিগণিত হৈছে ৷ বাঁহ ফুলৰ পৰা ত্ৰিপুৰাত তৈয়াৰ কৰা হৈছে মানৱ শৰীৰৰ কাৰণে উপযোগী চাউল আৰু বিস্কুট ৷ শুনিবলৈ মিছা যেন লাগিলেও এইয়া সঁচা কথা ৷

বাঁহ ফুলৰ চাউল,বিস্কুট খাই পাইছে নে কেতিয়াবা ?

author img

By

Published : Oct 6, 2020, 10:51 PM IST

কৰিমগঞ্জ,6 অক্টোবৰঃ আপুনি মই নভৱা কথাবোৰা এতিয়া ভাৱিবলৈ বাধ্য কৰাইছে বিজ্ঞান তথা ন প্ৰযুক্তিৰ উদ্ভাৱনে ৷ গোলাকাৰ পৃথিৱীত নিতৌ ন ন প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো চলিছে প্ৰযুক্তি তথা উদ্ভাৱনী কলাৰ উত্তৰণ ৷ পুৰণি বাঁহ গছত ফুলা বাঁহ ফুলৰ পৰা ত্ৰিপুৰাত প্ৰস্তুত কৰা হৈছে চাউল আৰু বিভিন্ন ৰকমৰ বিস্কুট ৷ আপুনি ঠিকেই শুনিছে বাঁহ ফুলৰ পৰা বিস্কুট আৰু চাউল প্ৰস্তুত কৰি অভিলেখ সৃষ্টি কৰিছে ৰাজ্যখনে ৷

বাঁহ ফুলৰ পৰা বিস্কুট আৰু চাউল প্ৰস্তুত কৰি অভিলেখ

৩০/৪০ বছৰৰ পুৰণি বাঁহৰ গছৰ ফুলেৰে প্ৰচেছিং কৰি বনোৱা হৈ আছে চাউল । আৰু একেদৰে বাঁহৰ গাজৰ পৰা প্ৰচেছিং কৰি বনোৱা হৈছে বিস্কুট। এই সম্পৰ্কত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে প্ৰকাশ কৰে,বাঁহৰ ফলৰ পৰা প্ৰস্তুত কৰা চাউলৰ উপকাৰিতাৰ কথা ৷

বাঁহৰ গাজ শুকুৱাই প্ৰস্তুত কৰা হয় চাউল আৰু বিস্কুট

উল্লেখ্য যে,এই বাঁহ ফুলৰ পৰা প্ৰস্তুত কৰা চাউলত আন চাউলতকৈ প্ৰ'টিনৰ মাত্ৰা বহু বেছি। আনকি চুগাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ই যথেষ্ট ফলপ্ৰসু কাম কৰে ৷

বাঁহৰ গাজৰ পৰা বিস্কুট প্ৰস্তুত কৰি থকা দৃশ্য

‌আনহাতে বাঁহৰ পৰা বিস্কুট তৈয়াৰ কৰাৰ উপৰিও ত্ৰিপুৰাৰ লিচুবাগান এলেকাত এটা প্ৰশিক্ষণ শিবিৰৰো আয়োজন ত্ৰিপুৰাৰ বাণিজ্য দপ্তৰে। বাঁহৰ পৰা তৈয়াৰ কৰা চাউল আৰু বিস্কুট মানৱ দেহৰ কাৰণে উৎকৃষ্ট ৷ বৰ্তমান ৰাজ্যখনৰ নিবনুৱা সকলৰ বাবে ই এক সম্ভাৱনা হিচাপে দেখা দিছে ৷ ব্যাপক মাত্ৰাত যদি ইয়াৰ উৎপাদন হয় তেনেহ'লে চাউলৰ দাম হ্ৰাস পোৱাৰ লগতে নিৱনুৱা সকলৰ বাবে স্বাৱলম্বিতাৰ পথ মুকলি হ'ব ৷

লগতে চাওকঃ সাংবাদিকতাৰ পৰা সংসদীয় ৰাজনীতিলৈ অজিত ভূঞাৰ যাত্ৰা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.