ETV Bharat / state

ত্ৰিপুৰাত 120 কিলোগ্ৰাম গাঞ্জা জব্দ - আগৰতলাৰ পৰা গুৱাহাটী অভিমুখেট

অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন পেট্ৰল কঢ়িওৱা টেংকাৰৰ পৰা জব্দ কৰে 120 কিলোগ্ৰাম গাঞ্জা । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷

huge-ganja-seized-in-tripura
ত্ৰিপুৰাত 120 কিলোগ্ৰাম গাঞ্জা জব্দ
author img

By

Published : Feb 1, 2021, 8:52 PM IST

কৰিমগঞ্জ, 1 ফেব্ৰুৱাৰী : সোমবাৰে ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই লাভ কৰে বৃহৎ সফলতা ৷ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই এখন পেট্ৰল কঢ়িওৱা টেংকাৰৰ পৰা জব্দ কৰে 120 কিলোগ্ৰাম গাঞ্জা । গোপন খবৰৰ ভিত্তিত অসম-ত্ৰিপুৰা সীমান্তত অভিযান চলাই NL 01 K 6532 নম্বৰৰ টেংকাৰখন জব্দ কৰিছে আৰক্ষীয়ে ৷

huge-ganja-seized-in-tripura
ত্ৰিপুৰাত 120 কিলোগ্ৰাম গাঞ্জা জব্দ

টেংকাৰখনত আৰক্ষীয়ে চলোৱা তালাচীৰ পাছতে টেংকাৰৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ষাঠি পেকেট গাঞ্জা । ইয়াৰে প্ৰতিটো পেকেটত আছিল 20 কেজি গাঞ্জা । উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য এক কোটি বিশ লাখ টকা হ‘ব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ অভিযানত চালক উমেশ সিং আৰু সহচালক পাপ্পু ৰৱ'ক আটক কৰা হৈছে । টেংকাৰখন আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল । উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্ত্তীৰ নেতৃত্বত চলিছিল এই অভিযান ৷

লগতে পঢ়ক : ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.