কৰিমগঞ্জ,4 জুলাই : ত্ৰিপুৰা আৰক্ষীৰ জালত আজি বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সৈতে আটক হৈছে কৰিমগঞ্জৰ দুগৰাকী যুৱক । 52 গ্ৰাম ব্ৰাউন চুগাৰ সৈতে আটক হোৱা যুৱক দুজন হৈছে বিলাল আহমেদ আৰু জহৰুল ইছলাম ৷ দুৱোজনৰে ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাচৰঘাঠ গাঁওত । অসম ত্ৰিপুৰা সংযোগী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে পৰিচিত চান্দখিৰা কাঠলতলী পথেৰে AS 11 G 0240 নম্বৰৰ এখন বাইক লৈ ত্ৰিপুৰা প্ৰৱেশ কৰোতেই ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিছে এই দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ যুৱক দুজনৰ পৰা মুঠ চাৰিটা ব্ৰাউন চুগাৰ পেকেট জব্দ কৰা হৈছে । জব্দ হোৱা ব্ৰাউন চুগাৰ বজাৰ মুল্য হব প্ৰায় পঞ্চাশ লাখ টকা ৷ এই ঘটনাৰ দ্বাৰা পুনৰ প্ৰমাণিত যে ত্ৰিপুৰাত ড্ৰাগছ সৰবৰাহৰ লগত বৰাক উপত্যকাৰ জড়িত আছে এটা বৃহৎ চক্ৰ ।
ত্ৰিপুৰা আৰক্ষীৰ হাতত আটক অসমৰ দুই ড্ৰাগছ সৰবৰাহকাৰী - 52 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ
পঞ্চাশ লাখ টকা মূল্যৰ 52 গ্ৰাম ব্ৰাউন চুগাৰ সৈতে ত্ৰিপুৰা আৰক্ষীৰ হাতত জব্দ কৰিমগঞ্জৰ দুই যুৱক ৷
কৰিমগঞ্জ,4 জুলাই : ত্ৰিপুৰা আৰক্ষীৰ জালত আজি বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সৈতে আটক হৈছে কৰিমগঞ্জৰ দুগৰাকী যুৱক । 52 গ্ৰাম ব্ৰাউন চুগাৰ সৈতে আটক হোৱা যুৱক দুজন হৈছে বিলাল আহমেদ আৰু জহৰুল ইছলাম ৷ দুৱোজনৰে ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাচৰঘাঠ গাঁওত । অসম ত্ৰিপুৰা সংযোগী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে পৰিচিত চান্দখিৰা কাঠলতলী পথেৰে AS 11 G 0240 নম্বৰৰ এখন বাইক লৈ ত্ৰিপুৰা প্ৰৱেশ কৰোতেই ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিছে এই দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ যুৱক দুজনৰ পৰা মুঠ চাৰিটা ব্ৰাউন চুগাৰ পেকেট জব্দ কৰা হৈছে । জব্দ হোৱা ব্ৰাউন চুগাৰ বজাৰ মুল্য হব প্ৰায় পঞ্চাশ লাখ টকা ৷ এই ঘটনাৰ দ্বাৰা পুনৰ প্ৰমাণিত যে ত্ৰিপুৰাত ড্ৰাগছ সৰবৰাহৰ লগত বৰাক উপত্যকাৰ জড়িত আছে এটা বৃহৎ চক্ৰ ।
ত্ৰিপুৰা ত ড্ৰাগছ সৰবৰাহৰ লগত যেন বৰাক উপত্যকাৰ এটা চক্ৰ জড়িত এয়া সঘনাই প্ৰমাণিত হৈ আহিছে । অসম আৰক্ষীয়ে নোৱাৰা কাম প্ৰতিবাৰেই ত্ৰিপুৰা আৰক্ষীয়ে কৰি দেখুৱাই আহিছে । আজিও ত্ৰিপুৰা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰৰ সৈতে আটক হৈছে কৰিমগঞ্জৰ দুগৰাকী যুৱক । 52 গ্ৰাম ব্ৰাউন ছুগাৰৰ সৈতে আটক হৈছে বিলাল আহমেদ আৰু জহৰুল ইছলাম নামৰ দুগৰাকী ড্ৰাগছ সৰবৰাহ কাৰী । দুৱোজনৰে ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানা ৰ অন্তৰ্গত কাচৰঘাঠ গাঁওত । ত্ৰিপুৰা সংযোগী বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে পৰিচিত চান্দখিৰা কাঠলতলী পথেৰে AS 11 G 0240 নম্বৰৰ এখন বাইক লৈ দুজন যুৱক ত্ৰিপুৰা প্ৰৱেশ কৰোতেই ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিছে এই দুই ড্ৰাগছ সৰবৰাহ কাৰী । গোপন সূত্ৰৰ ভিত্তিত খবৰ পাই ত্ৰিপুৰা আৰক্ষীয়ে আগৰে পৰাই জাল পাতি থৈছিল ।ধৃত দুজনৰ পৰা মোট চাৰিটা ব্ৰাউন ছুগাৰৰ পেকেট জব্দ কৰা হৈছে । জব্দ হোৱা ব্ৰাউন ছুগাৰৰ বজাৰ মুল্য হব প্ৰায় পঞ্চাশ লাখ টকা ।
এইখিনিতে সদাই এটা প্ৰশ্ন উদয় হয়, অসম আৰক্ষীৰ চকুৰ সমুখতে ড্ৰাগছ সৰবৰাহ কাৰী সকলে কিদৰে ত্ৰিপুৰালৈ কৌটি কৌটি টকা মুল্যৰ নিচা জাতীয় সামগ্ৰী লৈ যাব পাৰে ? নে বৃহত অংকৰ লেনদেনৰ জৰিয়তে অসম আৰক্ষী ক মেনেজ কৰি ড্ৰাগছ সৰবৰাহ কাৰী সকলে নিজৰ সাম্ৰাজ্য স্থাপন কৰি আহিছে ??
BYTE : S.P North Tripura (Bhanupada Chakraborty)Conclusion: