কৰিমগঞ্জ, ১৬ মাৰ্চ :কৰিমগঞ্জৰ বাজাৰিছৰাত শুকুৰবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এজন লোকৰ বাসস্থান সম্পূৰ্ণৰূপে জ্বলি ছাই হয় । ৰিপ্লু দাস নামৰ লোক জনৰ ঘৰ ভস্মীভূত হোৱাৰ ফলত প্ৰায় দহ লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি সাধন হয় । মন কৰিবলগীয়া যে , ঘটনাস্থলীৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ দূৰত্ব প্ৰায় 20 কিলোমিটাৰ হোৱাত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই জ্বলি শেষ হয় দাসৰ গৃহ । উল্লেখ্য যে, এই সমস্যাৰ সমাধান বিচাৰি স্থানীয় ৰাইজে এখন স্থায়ী অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰিবলৈ দাবী জনাইছে ।
কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড : ভস্মীভূত বাসগৃহ - KARIMGANJ
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই জ্বলি ভস্মীভূত হয় ৰিপ্লু দাস নামৰ লোক জনৰ বাসগৃহ