কৰিমগঞ্জ, 24 ডিচেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জত অনুষ্ঠিত হৈ থকা ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনৰ সভাত বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই অংশগ্ৰহণ কৰিব ৷ জানিব পৰা মতে পোনপ্ৰথম বাৰৰ সীমান্ত চহৰ কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে ৷
ইতিমধ্যে বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰা এই কাৰ্যনিৰ্বাহক সভাত বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সভাথলীত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে ৷
লগতে পঢ়ক:পাঁচ মিনিট সময় এন্ধাৰতে ভাষণ দিলে মুখ্যমন্ত্ৰী সোণোৱালে